তুমি আছা বাবে- নাচিমা য়াচমিন, বিশ্বনাথ চাৰিআলি

P.C unsplash
তুমি আছা বাবে
তুমি আছা বাবে
 হাজাৰ সপোন জাগে
এই  আৱেগিক হৃদয়ত,
তুমি আছা বাবে
বিলীন হয় দুটি নয়ন
কল্পনাৰে সাগৰত।
তুমি আছা বাবে
নিশা উজাগৰে থাকিব শিকোঁ ;
তুমি আছা বাবে
আত্মাৰ গভীৰ সোঁতত
অনুভৱত কথা পাতিব পাৰোঁ ।
তুমি আছা বাবে
ডায়েৰী নাথাকে মোৰ শূণ্য;
তুমি আছা বাবে
মোৰ অন্তৰাত্মা আজি পৰিপূৰ্ণ।
তুমি আছা বাবে
মনত বেদনাৰ উমান নাপাওঁ ;
তুমি আছা বাবে
সুখৰ দলিচাত টোপনি যাওঁ।