ৰাজ্যৰ পৰম্পৰা , স্বাভিমান আৰু ঐতিহ্যক আগলৈ আনিবলৈ কৰা প্ৰয়াসক অসম প্ৰদেশ বিজেপিৰ আদৰণি

ৰাজ্যৰ পৰম্পৰা , স্বাভিমান আৰু ঐতিহ্যক আগলৈ আনিবলৈ কৰা প্ৰয়াসক অসম প্ৰদেশ বিজেপিৰ আদৰণি
ডিব্ৰুগড় বিমানবন্দৰক সুধাকণ্ঠৰ নামেৰে নামাঙ্কিত কৰিবলৈ লোৱা সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীৰ সময়তে চৰকাৰে ডিব্ৰুগড় বিমানবন্দৰটো সুধাকণ্ঠৰ নামেৰে নামাঙ্কিত কৰিবলৈ লোৱা সিদ্ধান্তক অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিয়ে আদৰণি জনাইছে। আজি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ধন্যবাদ জনায় কয় যে জনতাৰ শিল্পী ড° ভূপেন হাজৰিকাক প্ৰকৃত মূল্যায়ন কৰাৰ লগতে যথোচিত সন্মান দিবলৈ বিজেপি দল সদায় বদ্ধপৰিকৰ । ড° ভূপেন হাজৰিকাক প্ৰকৃত মূল্যায়ন কৰিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰত ৰত্নৰে বিভূষিত কৰিছিল । বিবৃতিটোত ড° ভূপেন হাজৰিকাক স্মৰণ কৰিবলৈ ৮ চেপ্তেম্বৰত খানাপাৰা খেলপথাৰত এহেজাৰ যুৱক-যুৱতীৰ দ্বাৰা “অসম আমাৰ ৰূপহী” গীত পৰিৱেশন কৰিবলৈ লোৱা সিদ্ধান্তৰ লগতে ড° হাজৰিকাৰ নামত এটা মুদ্ৰা আৰু জন্মশতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান দিল্লীৰ ভাৰত মণ্ডপত অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তকো দলে আদৰণি জনায় । লগতে সুধাকণ্ঠৰ বৰ্ণিল জীৱনযাত্ৰা সম্পৰ্কীয় এখন গ্ৰন্থ উলিয়াবলৈ লোৱা সিদ্ধান্তও প্ৰশংসনীয় বুলি বিবৃতিটোত উল্লেখ কৰে ৷অসম প্ৰদেশ বিজেপিৰ দ্বাৰা প্ৰেৰিত বিবৃতিটোত কোৱা হয় যে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ পৰম্পৰা , ঐতিহ্য আৰু স্বাভিমানক আগলৈ আনিবলৈ কোনো ধৰণৰ ক্ৰুটি ৰখা নাই । দেশৰ ৰাজধানী দিল্লীত মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী উদযাপন , চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভৰ বাবে গ্ৰহণ কৰা তৎপৰতা , বাৰ হেজাৰ বিহুৱা-বিহুৱতীৰে অসমীয়াৰ বাপতিসাহোন বিহুক দিল্লীত পৰিৱেশনৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড প্ৰতিস্থা কৰা , চাহবাগিচাৰ সংস্কৃতি ঝুমইৰ বিনন্দিনীক সমগ্ৰ দেশত পৰিচিত কৰোৱা , হোলোঙাপাৰত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন , গুৱাহাটী বিমানবন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন আদি পদক্ষেপৰ জৰিয়তে অসম আৰু অসমীয়া যে সৰ্বপ্ৰথম সেয়া ড° হিমন্ত বিশ্ব চৰকাৰে বাৰম্বাৰ প্ৰমাণ কৰি দিছে বুলিও বিবৃতিটোত উল্লেখ কৰে ৷ অসমৰ বিচিত্ৰতাৰ মাজত ঐক্যক অধিক শক্তিশালী কৰিবলৈ আনকি ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা , বিটিআৰত বড়ো আৰু বৰাক উপত্যকাত বঙালী ভাষাক চৰকাৰী পৰ্যায়ত ব্যৱহাৰ কৰিবলৈ লোৱা সিদ্ধান্তও আদৰণীয় বুলিও বিবৃতিটোত কোৱা হয়।