যুদ্ধ নালাগে মোক- গকুল চৌধুৰী

P.C wikipedia
যুদ্ধ নালাগে মোক
যুদ্ধই হ’ল অশান্তিৰ মূল
যুদ্ধভূমিৰ বুকুত প্ৰতিনিয়ত
হেৰাই গৈছে মানৱীয়তা
ভুলুণ্ঠিত হৈছে মানৱতা
কোনে দিব মানুহক এটি
সঠিক সমিধান নিৰ্ভুল ৷
পৃথিৱীৰ ভিন্ন ভিন্ন প্ৰান্তত আছে
একো একোখন পৃথক যুদ্ধক্ষেত্ৰ
হিংসা – প্ৰতিহিংসাৰ ফিৰিঙতিত
সৌৱা তাতে যুদ্ধ লাগিছে যুদ্ধ ।
বিশ্বযুদ্ধৰ ভয় – ভাবুকিৰে
স্বাধীন দেশ এখন পৰাধীন
কৰি নিজৰ অধীন কৰিবলৈ
দুখন দেশ আৰু দেশৰ নিৰপৰাধী
মানুহক নিঃশেষ কৰি দিয়া
যুদ্ধ নালাগে মোক
যুদ্ধই দেশক উপহাৰ দিয়ে
এখন অভিশপ্ত মৰিশালি
তেজৰ নৈ , মৃত্যুৰ কিৰিলি
মৃতদেহৰ লানি নিচিগা শাৰী  ৷
ধন – জন কাঢ়ি নিমিষতে
মানুহক দেউলীয়া কৰি দিয়া
যুদ্ধ নালাগে মোক
যুদ্ধই ধংস কৰে সা-সম্পত্তি
যুদ্ধই ৰুদ্ধ কৰে প্ৰগতি
যুদ্ধই স্তব্ধ কৰে উন্নতি
যুদ্ধই বিধস্ত কৰে অৰ্থনিতি  ৷
বোম , বাৰুদ , গুলীৰে সমগ্ৰ
বিশ্বত বিভিষীকাৰ সৃষ্টি কৰা
যুদ্ধ নালাগে মোক
ছল – চাতুৰী কিম্বা কুটনিতীৰে
কুটকৌশলৰ ৰচনা লিখি যুদ্ধৰ
সূচনা কৰি যুদ্ধত লিপ্ত হোৱাটো
মানুহে কৰা অক্ষমণীয় ভুল
যুদ্ধভূমিত ৰুম মই এজোপা গছ
এদিন পাঁহি মেলি ফুলিব
সেই গছত এপাহি শান্তিৰ ফুল ৷
                                                                                                                                                         গকুল চৌধুৰী