বিশ্ব পৰিৱেশ দিৱস আৰু আমাৰ কৰণীয় – ভাস্কৰ প্ৰিয়ম হাজৰিকা

বিশ্ব পৰিৱেশ দিৱস আৰু আমাৰ কৰণীয়

 ভাস্কৰ প্ৰিয়ম হাজৰিকা,কৰচুং সত্ৰ,নগাঁও

বিশ্ব পৰিৱেশ দিৱস (ইংৰাজী: World Environment Day, সংক্ষেপে WED) প্ৰতি বছৰ ৫ জুনৰ দিনা বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। এই দিৱসটি প্ৰথম পালন কৰা হয় ১৯৭৩ খৃষ্টাব্দত। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত, বেলেগ বেলেগ প্ৰতিপাদ্য বিষয় লৈ পালন হয়। উত্তৰ গোলাৰ্ধত দিৱসটি বসন্তত, আৰু দক্ষিণ গোলাৰ্ধত দিৱসটি শৰতত পালিত হয়।
বিশ্ব পৰিৱেশ দিৱসৰ দিনা এজোপা গছ ৰোপণ কৰি ফটো মাৰি ফেচবুক, হোৱাটআপ আদিত দিলে আমাৰ দায়িত্ব শেষ হৈ নাযায়। অকল সেই ৫ জুনৰ দিনাহে পৰিৱেশৰ বাবে মনত পৰিব নে আনক দেখোৱলৈ কৰিছোঁ? বছৰটো বাকীকেইটা দিন আমি জানোঁ পৰিৱেশৰ কথা ভাবিছোঁ? জধে-মধে গছ-গছনি কাটি ৰাস্তা নিৰ্মাণ কৰিছোঁ, পাহাৰৰ ওপৰত খনন কাৰ্য্য চলাইছোঁ, পলিথিন বেগ আদি ব্যৱহাৰ কৰিছোঁ। এইবোৰ কৰাৰ আগত আমি এবাৰ হ’লেও পৰিৱেশৰ কথা ভাবিছোঁ জানোঁ?
আমি আধুনিকতাৰ নামত লাহে লাহে হেৰাই গৈছোঁ। আধুনিকতাৰ নামত পৰিৱেশৰ কথা নাভাবি সকলোবোৰ ধংব্বস কৰি গৈ আছোঁ আৰু নিজক লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি দিছোঁ।
বিশ্ব পৰিৱেশৰ দিনা এজোপা গছ ৰোপন কৰিছোঁ সঁচা কিন্তু সেই গছ পুলিটো ৰোপন কৰি তাৰ দায়িত্ব সামৰিলে নহ’ব। যেনেকৈ ৰোপন কৰিছোঁ তেনেকৈ ডাঙৰ হোৱালৈকে দায়িত্ব আমাৰ।
 বতৰ্মান সময়ত আধুনিক প্ৰযুক্তি-বিদ্যা যিমানেই আগবাঢ়ি গৈছে আমাৰ পৰিৱেশ সিমানেই ক্ষতিসাধন হৈছে।
বতৰ্মান সময়ত কল-কাৰখানা আদিৰ পৰা ওলোৱা ধোঁৱাৰ পৰা ওলোৱা সেউজগৃহ গেছ আদিৰে গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে।
প্ৰধান সেউজ গৃহ গেছসমূহ হ’ল জলীয় বাষ্প, যি সেউজ গৃহ প্ৰভাৱৰ প্ৰায় ২৬–৭০% কাৰক; কাৰ্বন ডাই অক্সাইড (CO2), যি ৯–২৬% কাৰক; মিথেন (CH4) আদি। এই সেউজগৃহ গেছসমূহে আমাৰ অ’জন স্তৰ ক্ষতি কৰিছে যাৰ ফলত সৃৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মি আমাৰ পৃথিৱীত প্ৰৱেশ কৰিছে। যিটো আমাৰ পৃথিৱীৰ কাৰণে অতি ভয়ানক।
অ’জন স্তৰ হৈছে বায়ুমণ্ডলৰ ওপৰৰ স্তৰত, অৰ্থাৎ বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰত অক্সিজেন ত্ৰি-পাৰমাণৱিক অণু হিচাপে থাকে। ইয়াত অক্সিজেনৰ তিনিটা পৰমাণু লগ লাগি O₃ সংকেট গঠন কৰে আৰু ইয়াক অ’জন বুলি কোৱা হয়। এই অ’জনসমূহ সাধাৰণ দ্বি-পাৰমাণৱিক অক্সিজেনতকৈ বহুত বেলেগ।
এই সকলোখিনি বিপদৰ পৰা বা আমাৰ পৰিৱেশ সুস্থ আৰু সৱল কৰি ৰাখিবৰ বাবে গছ-গছনি ৰোপন কৰিব লাগিব। অকল বিশ্ব পৰিৱেশৰ দিনাই নহয় প্ৰতিটো দিনতে এজোপাকৈ হ’লেও আমি গছ ৰোপন কৰি আমাৰ পৃথিৱীখনক ৰক্ষা কৰিব পাৰোঁ।
বিশ্ব পৰিৱেশ দিৱস বুলি ক’লে অকল গছ-গছনি ৰোপন কৰাকে নুবুজায়। আমাৰ পৰিবেশ বিভিন্ন সময়ত বিভিন্ন কাৰণত প্ৰদূষিত হৈ আহিছে। পৰিৱেশ প্ৰদূষিত হ’ব পৰা মূল কাৰণকেইটা হ’ল।
(ক) বায়ু প্ৰদূষণ।
(খ) জল প্ৰদূষণ।
(খ) ভূমি প্ৰদূষণ।
সুস্থ পৰিৱেশত এটা সুস্থ জীৱন-যাপন কৰিব পাৰি। আমি আমাৰ পৰিৱেশসমূহ আমি নিজেই সুৰক্ষিত কৰি ৰাখিব লাগিব। তাৰ বাবে আমাৰ কৰণীয় সমূহ হ’ল।
ক) পলিথিন ব্যৱহাৰ নকৰি কাগজৰ বেগ ব্যৱহাৰ কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে।
খ) জলাশয়, নলা-নদৰ্মা আদিত পেলনীয়া সামগ্ৰী পেলোৱা পৰিৱৰ্তে ডাষ্টবিন ব্যৱহাৰ কৰা।
গ) জধে-মধে গছ-গছনি নাকাটি সংৰক্ষণ কৰা আৰু গছ-গছনি ৰোপন কৰা।
ঘ) পাহাৰৰ খনন কাৰ্য্য বন্ধ কৰা ইত্যাদি।
বিশ্ব পৰিৱেশ দিৱস অকল ৫ জুনৰ দিনাই নহয় সদায় হ’ব লাগে। আমি যাতে দৈনন্দিন জীৱন-ধাৰণত যাতে পৰিৱেশৰ একো ক্ষতি নহয় তাৰ বাবে সদায় সৰ্তক হ’ব লাগে। তেতিয়াহে আমাৰ পৰিৱেশ সুন্দৰ আৰু সুস্থ হ’ব আৰু বিশ্ব পৰিৱেশ দিৱস তেতিয়াহে ফলপ্ৰসূ হ’ব।
(তথ্য উৎস – গুগল।)