শ্রদ্ধাঞ্জলি
হে শ্রদ্ধাভাজন
আপোনাৰ জন্ম শতবার্ষিকীত
আপোনালৈ জনাইছোঁ
শতকোটি প্রণাম
আপুনি যে কাৰো পৰা
সেৱা নিবিচাৰিছিল
বিচাৰিছিল শান্তি আৰু মৰম
যতে আছে তাতে শান্তিতে থাকক
ওপৰৰ পৰাই সকলোকে আশীৰ্বাদ কৰক ।
দেশৰ স্বাধীনতা সংগ্ৰামত ভাগ লৈ
সংগ্ৰাম কৰি গ’ল, জীৱন সংগ্ৰামত
নিজে যুজি যুজিয়েই আগবাঢ়ি গ’ল।নাটক কৰি ভাল পাইছিল
মাজে মাজে কৰে
চাকৰিৰ তাগিদাত
কৰিব নোৱাৰি
মনত দুখ ৰৈ গ’ল।
চাকৰিৰ অন্তত আপুনি
আকাশ বাণীৰ নাট বিভাগত
স্বীকৃতিপ্রাপ্ত হ’ল।
চাকৰি আপুনি কৰিছিল যদিও
দেশ সেৱাত আছিল মন
বিৰাশী চনত আন্দোলনত (পোন্ধৰ আগষ্ট)
চৰকাৰী বিষয়া হৈ উপস্থিত নথকাত হৈছিল নিলম্বন ।
হাঁহি হাঁহিয়ে ফুৰে আপুনি
আনকো হুহুৱাই ফুৰে
মই মোৰ বাবে ঠাই নাপাইছিল
সকলোকে একেভাৱে
ইষ্ট মিত্ৰ বন্ধুবৰ্গ সকলো সহোদৰ ককাই ভাই বাই ভনী ল’ৰা-বোৱাৰী
জী জোৱাই ভাগিন ভতিজা নাতি-নাতিনী আজো নাতি নাতিনী
সকলো আপোনাৰ মৰমৰ ।
গাড়ী আৰু শাড়ীৰ কাৰণে তললৈ যাব নোৱাৰো বুলি কৈ
গোটেই জীৱন কটাই দিলে চাইকেল খনকে লৈ।
ওচৰ চুবুৰীয়াই হওক বা আপোন মানুহেই হওক
ঘৰলৈ আহিলে বৰ ভাল পায়
নানা ধৰণৰ ধেমেলীয়া কথাৰে সকলোকে হহুৱাই
স্বাধীনতা আন্দোলনত ভাগ লৈ দেশৰ কাম কৰাৰ কাৰণে
অসম চৰকাৰৰ দ্বাৰা
সন্মানিত হ’ল মুক্তিযোদ্ধা ৰূপে।
(প্ৰয়াত কৈলাশ চন্দ্ৰ গোস্বামীৰ প্ৰতি শ্ৰদ্ধাঞ্জলী)