এআইৰ জৰিয়তে বন ধ্বংস নিৰীক্ষণ কৰিব পৰাকৈ প’র্টেল মুকলি মুখ্যমন্ত্রীৰ

এআইৰ জৰিয়তে বন ধ্বংস নিৰীক্ষণ কৰিব পৰাকৈ প’র্টেল মুকলি মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত বিশ্ব পৰিৱেশ দিৱসত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্ৰহণ কৰে। পৰিৱেশ সুৰক্ষাৰ দিশত ৰাজ্য চৰকাৰৰ যুঁজখন সবলভাৱে আগুৱাই নিয়াত সহায় হোৱাকৈ অনুষ্ঠানত বন আৰু পৰিৱেশ বিভাগৰ ১২৯খন বাহনৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰীয়ে। তদুপৰি তেওঁ অসম বন সুৰক্ষা বাহিনীৰ তিনিটা বেটেলিয়নৰ কমাণ্ডোসকললৈ অস্ত্ৰ প্ৰদানৰ উপৰি এটা ৱেৱ প’র্টেলো আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত কয় যে সমগ্র পৃথিৱীৰ লগতে অসমতো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক নিজৰ মাতৃৰ নামত এজোপাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছিল। এই আহ্বানক আৰু এখোজ আগুৱাই নি আজি এটা প’ৰ্টেল মুকলি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ মাতৃৰ নামত গছপুলি ৰোপণ কৰি প’ৰ্টেলত আপলোড কৰিব পাৰিব বুলিও তেওঁ কয়। তদুপৰি গছডাল ডাঙৰ হৈ গ’লে প’ৰ্টেলত আপলোড কৰি গৈ থাকিব পাৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে ২০২৪ চনত ৭০ লাখ বৃক্ষ নিজৰ মাতৃৰ নামত ৰোপণ কৰিবলৈ ভাৰত চৰকাৰে অসম চৰকাৰক অনুৰোধ কৰিছিল। এই সময়ছোৱাত নিৰ্ধাৰিত লক্ষ্য অতিক্রমি ২২ লাখতকৈ অধিক গছপুলি ৰোপণ কৰিবলৈ ৰাজ্য চৰকাৰ সক্ষম হৈছে। চলিত বছৰত এনেদৰে আৰু বহু ব্যক্তিক ৰাজ্য চৰকাৰে অনুপ্রাণিত কৰিব পৰা যাব বুলিও মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে। কৃত্রিম বুদ্ধিমত্তা (এআই) আৰু ছেটেলাইটৰ সহায়ত বন ধ্বংস, বনভূমিৰ ক্ষতি আদি সঠিক সময়ত চাব পৰাকৈ এটা প’ৰ্টেল মুকলি কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে প্রথম পৰ্যায়তে ব্যৱস্থা লোৱাটো সম্ভৱ হৈ উঠিব। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে সাধাৰণতে বনভূমি ধ্বংস হোৱাৰ পিছতে খবৰ লাভ কৰা যায়। এই নতুন প’ৰ্টেলৰ জৰিয়তে সঠিক সময়ত তথ্য লাভকৰিব পৰা যাব। তেওঁ লগতে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰ শাসন ক্ষমতালৈ অহাৰ পিছত তৃতীয় বন সুৰক্ষা বাহিনী গঠন কৰা হৈছিল। আজি এই সুৰক্ষা বাহিনীক অস্ত্র-শস্ত্র প্রদান কৰা হৈছে যাতে বন সুৰক্ষা বাহিনীয়ে স্বতন্ত্ৰ আৰু শক্তিশালীভাৱে কাম কৰিব পাৰে। আনহাতে বন বিভাগৰ ৰেঞ্জ, ডিভিজনবোৰত গাড়ী নথকাৰ বিষয়টো উল্লেখ কৰি তেওঁ কয় যে এই অভাৱ পূৰণ কৰাৰ বাবে আজি ১২৯খন গাড়ীৰ ফ্লেগ অফ কৰা হৈছে। টেৰিটৰিয়েল ৰেঞ্জবোৰত বাহন দিব পৰাকৈ ৰাজ্য চৰকাৰে আৰু গাড়ী ক্ৰয় কৰিব। বনভূমিক সুৰক্ষিত কৰাৰ দিশত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক আজিৰ এই পদক্ষেপে আৰু অধিক আগুৱাই লৈ যাব। ভাৰত চৰকাৰে ছিংগল প্লাষ্টিক নিষিদ্ধ কৰাৰ দিশত কাম কৰি আহিছে আৰু ৰাজ্য চৰকাৰে তাক আগুৱাই লৈ যাব। অসম চৰকাৰ আৰু অইল ইণ্ডিয়াই যৌথভাবে ডিব্ৰুগড়, তিনিচুকীয়া, শিলচৰ, তেজপুৰ আৰু গুৱাহাটীত বায়’ ফুৱেল প্ৰস্তুত কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে। ইয়াৰ জৰিয়তে প্লাষ্টিকসমূহ সংগ্রহ কৰি এই প্ৰকল্পবোৰত দিব পৰা যাব। ইয়াৰ ফলত সমস্যাটো বহু পৰিমাণে লাঘৱ হ’ব। এই অনুষ্ঠানত বন আৰু পৰিৱেশ আদি বিভাগৰ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক দিগন্ত কলিতাৰ উপৰি বিশেষ মুখ্য সচিব (বন) এম কে যাদৱ, প্রধান মুখ্য বন সংৰক্ষক আৰু বন সুৰক্ষা বাহিনীৰ প্ৰধান সন্দীপ কুমাৰ, প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্রাণী) ড° বিনয় গুপ্তা প্রমুখ্যে শীর্ষ বিষয়াসকল উপস্থিত থাকে।