ডিব্ৰুগড় বিজ্ঞান সমিতিৰ পৰিৱেশ দিৱস উদযাপন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিজ্ঞান সমিতি, ডিব্ৰুগড় শাখাই স্থানীয় মানকটা হাইস্কুলৰ সহযোগত আজি ৫ জুন,বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে। শাখাৰ সভাপতি ড০ ভাৰতী দত্তই পৌৰহিত্য কৰা অনুষ্ঠানত আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সম্পাদক নাছিৰ চুলতানে। এইবাৰৰ থিম -প্লাষ্টিক প্ৰদূষণ সমাপ্ত কৰাৰ ওপৰতো সম্পাদকে আলোকপাত কৰে। অনুষ্ঠানৰ মুখ্য বক্তা বিশিষ্ট পৰিৱেশবিদ তথা সৰ্প বিশেষজ্ঞ টিকেন্দ্ৰজিৎ গগৈক তেখেতৰ গৱেষণামূলক কৰ্মৰ লগতে শিক্ষা, সাহিত্য, সামাজিক দিশত আগবঢ়াই অহা অৱদানৰ বাবে সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। ড০ ভাৰতী দত্ত, সুদক্ষিণা দাস আৰু নাছিৰ চুলতান স্বাক্ষৰিত সুদীৰ্ঘ সম্বৰ্ধনা পত্ৰখনি পাঠ কৰে কাৰ্যকৰী সভানেত্ৰী সুদক্ষিণা দাসে। বক্তা টিকেন্দ্ৰজিৎ গগৈয়ে সৰ্পৰ পৰিৱেশ ৰক্ষাত ভূমিকা, ৰক্ষণা -বেক্ষণৰ প্ৰয়োজনীয়তা, সাপৰ শ্ৰেণী বিভাজন আদি সম্পৰ্কত দৃশ্য- শ্ৰব্য মাধ্যমৰ জৰিয়তে ব্যাখ্যা।আগবঢ়ায়। প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী , বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, বিজ্ঞান সমিতিৰ বিষয়- ববীয়া উপস্থিত থকা অনুষ্ঠানটিত বক্তাগৰাকীয়ে সৰ্প সম্পৰ্কত প্ৰচলিত বহু ভ্ৰান্ত বিজ্ঞান সন্মত ব্যাখ্যা আগবঢ়ায়। বিষহীন সাপৰ সংৰক্ষণ,বিষধৰ সাপৰ সচেতনতাৰ দ্বাৰা শূন্য দংশনৰ বিষয়ে তেওঁ কয়। ২০২২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইন মতে ভাৰতবৰ্ষত বৰ্তমান ৩৫৪ বিধ প্ৰজাতিৰ সাপ আছে ; ইয়াৰে প্ৰথম অনুসূচীত ১৬ টা প্ৰজাতি আৰু দ্বিতীয় অনুসূচীত ৩০০ টা প্ৰজাতি অন্তৰ্ভুক্ত কৰি ৰক্ষণাবেক্ষণ দিছে। মুঠ ছ-বিধহে বিষধৰ সাপ আছে বুলি জানিবলৈ দিয়ে। সভানেত্ৰীয়ে বক্তব্যত বক্তাগৰাকীৰ গভীৰ অধ্যয়নৰ ভূয়সী প্ৰশংসা কৰে আৰু তেখেতৰ গৱষণাৰ কৰ্মৰাজিৰ প্ৰচাৰ প্ৰসাৰৰ পোষকতা কৰে। প্ৰকৃতি- বন্ধু সাপ সম্পৰ্কে সেইদিনাৰ বক্তৃতাই ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিছে বুলি তেওঁ সন্তোষ প্ৰকাশ কৰে।