প্ৰতিশ্ৰুতি- বাহাৰুল ইছলাম বালিজান, মৰিগাঁও

P.C istock
প্ৰতিশ্ৰুতি
“”””””””””””
বিশ্বাসৰ দলংখনে হাওমাওকৈ কান্দিছে
খহি পৰা হৃদয়ত সাঁচি ৰাখিছোঁ
জীৱন-যৌৱনৰ অভিজ্ঞতা
সন্মুখত এপিয়লা তিক্ত বিষাদ
ভটিয়াই যাওঁ ঘনে ঘনে
মৃতপ্রায় ওঁঠত নিৰস হাঁহি এটি লৈ।
ধাৰাসাৰ প্ৰতিশ্ৰুতিত
খহিছিল অন্তৰ, জিৰণি লৈছিল সপোনে
লালসাৰ বাঢ়নি পানীয়ে ডুবাই দিছিল
মোৰ মন-মগজু
বানে খুন্দাই যোৱা হৃদয় উপত্যকাখনিত
ফাট মেলিছে খৰাংৰ।
এতিয়া মই উৰণীয়া আবেগৰ বলী
পালোঁ মই হাতে হাতে
উপবাসী তপস্যাৰ চমৎকাৰ পুৰস্কাৰ
বিশ্বাসৰ সিটো পাৰত কেঁকাই আছে
শৰবিদ্ধ প্ৰতিশ্ৰুতিয়ে