পূজা-মণ্ডপৰ বঙালী ভাষাৰ বেনাৰ ফালি দিয়া কিমান যুক্তিসংগত ?
—————————— ———
এইবাৰ দুৰ্গোৎসৱৰ সময়ত অসমৰ ঐতিহ্য বহনকাৰী জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু বীৰ লাচিত সেনাই কেইবাখনো পূজা -মণ্ডপত বঙালীসকলে লগোৱা বঙালী ভাষাৰ বেনাৰ ফালি পেলাই দিয়াৰ বাবে সামাজিক মাধ্যমত তীব্ৰ বাক-বিতণ্ডা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কিছুমানে অসমৰ জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত বঙালী ভাষাৰ বেনাৰ ফালি দিয়া কাৰ্য যুক্তিসংগত বুলি দাবী কৰিছে ; কিছুমানে আকৌ পূজা-মণ্ডপৰ পৰা বঙালী ভাষাৰ বেনাৰ ফালি পেলাই দিয়া অতি নিন্দনীয় আৰু গৰ্হিত কাম বুলি ভৰ্ৎসনা কৰিছে। ক্ৰমান্বয়ে এই ঘটনা ৰাজনৈতিক প্ৰেক্ষাপটলৈ সম্প্ৰসাৰিত হোৱা পৰিলক্ষিত হৈছে। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই দিয়া হুমকিৰ সাৰমৰ্ম হ’ল, অসমত কেৱল অসমীয়া ভাষা চলিব ; এনেকি বৰাক উপত্যকাতো অসমীয়াৰ আধিপত্য বিস্তাৰ হ’বই ;কাৰণ বৰাক উপত্যকাৰ খিলঞ্জীয়া জনগোষ্ঠী কছাৰী, মণিপুৰী বা খিলঞ্জীয়া মুছলমানৰ বাসস্থানহে।
আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এই বক্তব্যৰ সুদূৰ প্ৰসাৰী প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে। বৰাক উপত্যকাৰ বঙালী সাংবাদিক প্ৰণব কুমাৰ দাসে এখন মুকলি চিঠি লিখি পৰেশ বৰুৱাক উভতি ধৰি কৈছে যে, অসম ভাৰতৰ অংগ ৰাজ্য হিচাপে ইয়াত অসমীয়াৰ সমান্তৰালকৈ বঙালী তথা অন্যান্য ভাৰতীয়ৰ বসবাস কৰা বা নিজৰ নিজৰ ভাষা ব্যৱহাৰ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। উগ্ৰ বঙালী নেতা প্ৰদীপ দত্ত ৰয়ে আৰু এখোপ উচ্চ স্বৰে মন্তব্য আগবঢ়াইছে যে, বঙালী জাতি এটি ঐতিহ্যমণ্ডিত জাতি । বঙালীসকলে যেনেকৈ দেশৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল, তেনেকৈ প্ৰয়োজন সাপেক্ষে অস্ত্ৰও হাতত তুলি ল’ব পাৰে। বঙালী নেতা প্ৰদীপ দত্ত ৰয়ে পাহৰি গৈছে যে, অসমীয়াৰ বীৰত্বৰ কথা ইতিহাসত জিলিকি আছে। সোতৰ বাৰ অসম আক্ৰমণ কৰিও মোগলসকলে অসমক পৰাভূত কৰিব পৰা নাছিল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় সকলো অসমীয়াই ভাৰতৰ স্বাধীনতা আন্দোলনতো জঁপিয়াই জঁপিয়াই পৰি আত্মত্যাগ কৰিছিল। এনেদৰে পূজা-মণ্ডপৰ বঙালী ভাষাৰ বেনাৰ ফালি পেলাই দিয়াৰ বাবে বাক-বিতণ্ডা তুঙ্গত উঠিছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, এনেকৈ বঙালী ভাষাৰ বেনাৰ ফালি দিয়া কাৰ্য কিমান যুক্তিসঙ্গত হৈছে? এতিয়াও ব্ৰহ্মপুত্ৰ উপত্যকাত অসংখ্য বঙালী ভাষাৰ শিক্ষানুষ্ঠান আছে ; য’ত বঙালী ভাষাৰ মাধ্যমেৰেই শিক্ষাদান চলি থাকে। এতিয়ালৈকে কোনোৱেতো এই বঙালী ভাষাৰ শিক্ষানুষ্ঠানসমূহক বন্ধ কৰিব পৰা নাই। গতিকে বঙালী ভাষাত শিক্ষা লাভ কৰা বঙালীসকলে সুযোগ-সুবিধা পালে যতে ততে বঙালী ভাষা প্ৰয়োগ কৰা স্বাভাৱিক কথা।
কিন্তু, অসমীয়াত এটি ফকৰা যোজনা আছে, ” এবাৰ সাপে খুঁটিলে, কেঁচুলৈও ভয় ।” ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ব্ৰিটিছ শাসকে বঙালী কেৰাণী -মহৰীৰ পৰামৰ্শক্ৰমে কেনেকৈ অসমতে অসমীয়া এলাগী কৰি এই ৰাজ্যত বঙালী ভাষাৰ প্ৰচলন কৰিছিল, এই কথা কোনো অসমীয়াই কাহানিও পাহৰিব নোৱাৰিব। অসমীয়াই এটা জাতি, যিয়ে অসমক সকলো বস্তু লাভ কৰিবলৈ আন্দোলন কৰাৰ উপৰিও অসমতে অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হৈ ৰঞ্জিত বৰপূজাৰী আৰু মোজাম্মিল হকৰ দৰে কিশোৰ দুজনে প্ৰাণ আহুতি দিব লগা হৈছিল। আকৌ ভূতৰ ওপৰত দানহ পৰাদি সিদিনাই বাংলা সুৰক্ষা দলৰ উগ্ৰ বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ে পশ্চিমবঙ্গৰ পৰাই বৰাক উপত্যকাৰ তিনিখন জিলাক লৈ বাংলা ৰাজ্য গঠন কৰা হ’ব বুলি হুংকাৰ দিছিল।
উগ্ৰ সম্প্ৰসাৰণবাদী বঙালী নেতা সকলৰ এনেধৰণৰ কাৰ্যকলাপ বা উগ্ৰ আচৰণৰ বাবে প্ৰতিজন অসমীয়াৰ মন-মানসিকতাত এটি বঙালী-ভীতি ভাৱৰ সঞ্চাৰ হৈছে। এই ক্ষেত্ৰত অসমৰ হাওৱা-পানী খাই বসবাস কৰা সাধাৰণ বঙালীসকলে অসমীয়াসকলৰ লগত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই অসমীয়া ভাষা, কলা কৃষ্টি সংস্কৃতি আৰু সাহিত্যৰ বিকাশৰ বাবে উঠি পৰি লগা উচিত। বঙালী জাতিৰ পশ্চিমবঙ্গ আছে, এখন সাৰ্বভৌম বাংলাদেশ নামে ৰাষ্ট্ৰ আছে ; কিন্তু অসমীয়াৰ অসমৰ বাহিৰে বেলেগ কোনো ৰাজ্য নাই। গতিকে, কমেও অসমত অসমীয়া ভাষাক সম্পূৰ্ণ মৰ্যাদা দান কৰিবলৈ বঙালীসকলে আগবাঢ়ি অহা উচিত। অৱশ্যে অসমৰ জাতীয় সংগঠনসমূহেও অসমীয়া ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, সাহিত্য, সংগীতত হেমাংগ বিশ্বাস ,পুলক বেনাৰ্জী, ডলি ঘোষ, সীমা বিশ্বাস, অনিন্দিতা পাল, ৰবীন্দ্ৰ চৰকাৰকে আদি কৰি বহুকেইজন বঙালীয়ে আগবঢ়োৱা অৱদানক স্বীকৃতি প্ৰদান কৰাৰ প্ৰয়োজন আছে ।শান্তিপ্ৰিয় অসমীয়াই শান্তি বিচাৰে ; বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমবাসীয়ে সৰু সুৰা সমস্যা লৈ ৰাজ্যত এটি অশান্তিৰ পৰিৱেশ সৃষ্টি হওক এয়া কোনোমতে কামনা নকৰে।