আনুষ্ঠানিকভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে গৌৰৱ গগৈয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- উখল-মাখল গুৱাহাটীস্থিত ৰাজীৱ ভৱন । কাৰণ আজি গুৱাহাটীস্থিত ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে। ৰাজীৱ ভৱনত গায়ন-বায়নেৰে নতুন সভাপতিগৰাকীক আদৰি অনা হয় । পুৱা সাংসদ গৌৰৱ গগৈয়ে মা কামাখ্যা মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনা কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে গৌৰৱ গগৈয়ে মা কামাখ্যাৰ আশিস লয় । কামাখ্যা মন্দিৰৰ পৰা পোনে পোনে ৰাজীৱ ভৱনত উপস্থিত হোৱা গৌৰৱ গগৈক হৰ্ষ-উল্লাসৰ মাজৰে আদৰি আনে দলীয় নেতা-কৰ্মীসকলে । ৰাজীৱ ভৱনত সাংসদ গৌৰৱ গগৈক বিপুল আদৰণি জনোৱা হয় । ইয়াৰ পাছতে ৰাজীৱ ভৱনত সভাপতিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে সাংসদ গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে । অসম প্ৰদেশ কংগ্ৰেছৰ সদ্যবিদায়ী সভাপতি ভূপেন কুমাৰ বৰাৰ পৰা আনুষ্ঠানিকভাৱে তেওঁ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে।তাৰ পিছতেই নৱনিযুক্ত সভাপতি গগৈক ফুলাম গামোচা, ফুলৰ থোপা আদিৰে শুভেচ্ছা জ্ঞাপন কৰে ভূপেন বৰা, জীতেন্দ্ৰ সিঙকে ধৰি একাধিক কংগ্ৰেছ নেতাই।দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে কয়, “প্ৰাক্তন সভাপতি ভূপেন বৰাক ধন্যবাদ জনাইছোঁ আৰু লগতে আশীৰ্বাদ কামনা কৰিছোঁ । দলৰ প্ৰতি তেওঁ আগবঢ়োৱা ত্যাগ-বলিদানৰ প্ৰতি আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।”ভূপেন বৰাৰ প্ৰশংসা কৰি গৌৰৱ গগৈয়ে কয়, “মিত্ৰতা সন্দৰ্ভত কোন থাকিব কোন নাথাকিব সেইক্ষেত্ৰত ভূপেন বৰাই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল । কংগ্ৰেছৰ লগত থকা এ আই ইউ ডি এফৰে থকা মিত্ৰতা ভংগত তেওঁ বলিষ্ঠ পদক্ষেপ হাতত লৈছিল । ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্রাৰ সময়ত অসমতো উল্লেখনীয় যাত্রা কৰা হৈছিল । আজি মই নতুনকৈ সভাপতি হিচাপে দায়িত্ব লৈ খোজ দিছোঁ যদিও আমাৰ আদৰ্শ পুৰণি । আমাৰ চিন্তাধাৰা পুৰণি । সকলোকে সমান অধিকাৰ তথা ন্যায় প্ৰদান কৰা কংগ্ৰেছ দলৰ আদৰ্শ ।”ভৱিষ্যতৰ দিনৰ কথা উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিয়ে কয়, “আমি সেই আদৰ্শ লৈ সকলোৱে মিলিজুলি আগুৱাই যাম । বিগত তিনিদিনত আমাৰ দলৰ নেতৃত্বই আমাক যথেষ্ট প্ৰেৰণা দিছে । তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ।” এই অনুষ্ঠানতে কংগ্ৰেছ দলটোৰ বেয়া দিনতো দলটোক শক্তিশালীভাৱে নেতৃত্ব প্ৰদান কৰাৰ বাবে ভূপেন কুমাৰ বৰাক আনুষ্ঠানিকভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে সাংসদ ৰকিবুল হুছেইনৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়াই কয়, আমাৰ বিদায়ী সভাপতি ভূপেন কুমাৰ বৰাই দললৈ যি অৱদান আগবঢ়ালে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেওঁ আৰু কয়, বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ আশীৰ্বাদ লৈ আজি অসমত নতুন সভাপতিয়ে দায়িত্ব গ্ৰহণ কৰিছে। এই সুযোগতে সঠিকভাৱে কাম কৰি যাবলৈ অসমবাসীৰ দিহা-পৰামৰ্শও কামনা কৰিছো। তাৰোপৰি তেওঁ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও যাতে ৰাইজৰ সৈতে সম্পূৰ্ণ যোগদান কৰে তাৰ বাবেও আহ্বান জনায়। আনহাতে সাংসদ ৰকিবুল হুছেইনে কয়, ভূপেন কুমাৰ বৰা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। এটা জটিল সন্ধিক্ষণত দলৰ দায়িত্ব গ্ৰহণ কৰি সূচাৰুৰূপে দলটোক ঐক্যবদ্ধভাৱে ৰাখি ৰাইজৰ কাষলৈ লৈ গৈছিল। তাৰোপৰি তেওঁ নতুনকৈ দায়িত্ব গ্ৰহণ কৰা গৌৰৱ গগৈকো অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ কয়, গৌৰৱ গগৈ ডাঙৰীয়াক বহু আশাৰে সভাপতিৰ দায়িত্ব দিছে। অসমৰ ৰাইজেও চাই আছে। আমি আশা কৰিছো আমাৰ কংগ্ৰেছৰ কৰ্মীসকলে ধীৰে-সুস্থিৰে আগবাঢ়িব লাগিব। আমি বহু আশালৈ এনেদৰে কাম কৰি যাবলৈ ঐক্যবদ্ধ হৈছো। আমাৰ প্ৰতিটো খোজ-কাটলে যাতে অসমৰ ৰাইজৰ মন জয় কৰিব পাৰে, সাংবাদিক বন্ধুসকলৰ সৈতে যাতে এটা ভাল সম্বন্ধ ৰাখে, অসমৰ উন্নয়নৰ স্বাৰ্থত শত্ৰুপক্ষৰ সৈতেও ভাল সম্পৰ্ক ৰাখে। প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম কংগ্ৰেছৰ সহ-তত্ত্বাৱধায়ক মনোজ চৌহান, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম কংগ্ৰেছৰ পৰ্যবেক্ষক বিকাশ উপাধ্যায়, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইনকে ধৰি ভালেসংখ্যক দলীয় নেতা-কৰ্মী উপস্থিত থাকে ।