ভ্ৰান্তিৰ বাটেৰে মায়াৰ
সীমনা পাৰ হ’লো
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
ভ্ৰান্তিৰ বিপথে গতি লৈ, পাৰ হ’লোঁ
মোহৰ সূক্ষ্ম সীমা ;
বৰ্তমান মন যেন নিজৰ অস্তিত্বৰ সৈতে বিচ্ছিন্ন
অজান অনুভৱৰ গৰ্ভত নিমগ্ন হৈ,
মই হেৰাই পেলালোঁ নিজস্ব
পৰিচয়ৰ দীপ্ত ঠিকনা।
প্ৰত্যুষৰ কিৰণে মুখ ঢাকে নীৰৱে
জোনাকী নিশাই বুজাব খোজে অপূৰ্ণ আকুলতা;
গন্তব্য অজ্ঞাত,
তথাপি পদচিহ্ন তোমাৰে সূচিত।
জানা নে?
প্ৰভাতৰ কিৰণ, নিশাৰ নিস্তব্ধতা
সকলোতে যেন কেৱল অন্ধকাৰ আৰু শূন্যতা।
শব্দবোৰ কান্দোনেৰে বাজে;
আজিও মোৰ নীৰৱ চকুজুৰিত
অজস্ৰ প্ৰশ্নৰ স্থিৰ প্ৰতিচ্ছবি ভাহে।