মেঘালয়ত সন্ধানহীন দম্পতীৰ স্বামীৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

মেঘালয়ত সন্ধানহীন দম্পতীৰ স্বামীৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মেঘালয়ত  নিৰুদ্দেশ হোৱা মধ্যপ্ৰদেশ ইন্দোৰৰ দম্পতীৰ এগৰাকীৰ মৃতদেহ উদ্ধাৰ। এসপ্তাহৰো অধিক দিন নিৰুদ্দেশ হৈ থকাৰ পিছত অৱশেষত উদ্ধাৰ হ’ল এগৰাকী মৃতদেহ।সোমবাৰে ৰাজা ৰংঘুবংশী নামৰ লোকজনৰ মৃতদেহ এটা দ’ খাৱৈৰ পৰা মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰে।ইতিমধ্যে মৃতকৰ ভাতৃ বিপিন ৰঘুবংশীয়ে মৃতদেহ চিনাক্ত কৰিছে । ইয়াৰ বিপৰীতে তেওঁৰ পত্নী সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। সম্প্ৰতি ড্ৰ’নৰ সহায়ত সংশ্লিষ্ট এলেকাত এক অনুসন্ধান অভিযান চলাই আছে যদিও ধাৰাসাৰ বৰষুণ আৰু ঘন কুঁৱলীৰ বাবে বাৰে বাৰে অভিযান বন্ধ কৰিবলগীয়া হৈছে। জানিব পৰা মতে, কিছুদিন পূৰ্বে ৰাজা ৰংঘুবংশী  নামৰ যুৱকজনে সোণম ৰঘুবংশীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ পাছত দুয়ো ২০ মে’ত মেঘালয়লৈ হানিমুনলৈ আহিছিল।  কিন্তু ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি থকাৰ মাজতে  ২৩ মে’ত চেৰাপুঞ্জীৰ চহৰৰ পৰা দুয়ো নিৰুদ্দেশ হয়।ইয়াৰ পাছতে আৰক্ষীয়ে তেওঁলোকৰ বেগ, ভাড়ালৈ নিয়া স্কুটী উদ্ধাৰ কৰিছিল যদিও সন্ধান পোৱা নাছিল দুয়োৰে। কেইবাদিন ধৰি চলা অভিযানৰ অন্তত সোমবাৰে ৰাজাৰ মৃতদেহ উদ্ধাৰ হয়।  তথ্য অনুসৰি, পৰিবহণ বিভাগৰ কৰ্মচাৰী আছিল ৰাজা ৰঘুবংশী। বিগত মাহৰ ১১ মে’ত তেওঁৰ বিবাহ সোণম ৰঘুবংশীৰ সৈতে হৈছিল। তাৰ পাছতে দুয়ো ২০ মে’ত হানিমুনৰ বাবে মেঘালয়লৈ গৈছিল। প্ৰায় প্ৰতিটো দিনে দুয়ো পৰিয়ালৰ সৈতে যোগাযোগত আছিল যদিও ২৩ মে’ৰ পৰা দুয়োৰে ফোন অহা বন্ধ হৈ পৰে। বাৰে বাৰে ফোন কৰিও দুয়োৰে খবৰ লাভ কৰা নাছিল পৰিয়ালৰ লোকে আৰু পাছত আৰক্ষীক খবৰ দিয়ে। ইপিনে মধ্যপ্ৰদেশৰ ইন্দোৰৰ উপ-আয়ুক্ত ৰাজেশ কুমাৰ ত্ৰিপাঠীয়ে কয়, “সোমবাৰে মেঘালয় আৰক্ষীয়ে এটা মৃতদেহ উদ্ধাৰ কৰে, যিটো মৃতদেহ ৰাজা ৰঘুবংশীৰ বুলি তেওঁৰ ভাতৃ বিপিন ৰঘুবংশীয়ে চিনাক্ত কৰে। মৃত্যুৰ সময় আৰু অন্যান্য সবিশেষ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছত জানিব পৰা যাব। আৰক্ষীয়ে এতিয়াও সোণম ৰঘুবংশী সম্পৰ্কে কোনো সূত্ৰ পোৱা নাই।”