কইনাধৰাত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

কইনাধৰাত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মেঘালয়ৰ বৰষুণ সৃষ্ট পানীয়ে গুৱাহাটীত সৃষ্টি কৰা ভয়াৱহ বানৰ মাজতে খানাপাৰাস্থিত কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অসম-মেঘালয়ৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। মুখ্যতঃ সীমা বিবাদক লৈ অনুষ্ঠিত এই বৈঠকতে মেঘালয় সৃষ্ট পানীয়ে গুৱাহাটী মহানগৰীত দুৰ্যোগৰ প্ৰসংগই মুখ্যস্থান লাভ কৰে। সীমা বিবাদৰ সমস্যাৰ সমাধানৰ সমান্তৰালকৈ গুৱাহাটীৰ কৃত্রিম বান ৰোধৰ ক্ষেত্ৰত মেঘালয় চৰকাৰৰ সহযোগিতা বিচাৰি ৰাজ্য চৰকাৰে দিয়া আবেদনক মেঘালয় চৰকাৰে পূর্ণ সহযোগৰ আশ্বাস দিয়ে। অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, মুখ্য সচিব ৰবি কোটা, মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু মেঘালয় চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ উপস্থিত অনুষ্ঠিত এই বৈঠকত চুবুৰীয়া ৰাজ্যখনৰ যোৰাবাটৰ পাহাৰ খননৰ বিস্তৃতভাৱে আলোচনা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত দ্বিপাক্ষিক বৈঠকৰ প্ৰসংগত কয়- মই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক পুনৰ এখন বৈঠকৰ বাবে আমন্ত্রণ জনাইছোঁ। এই বৈঠকত গুৱাহাটীৰ কৃত্রিম বান সন্দৰ্ভত আলোচনা কৰা হ’ব। এই বৈঠকত মেঘালয়ৰ পৰা নামি অহা বৰষুণ সৃষ্ট পানীয়ে সৃষ্টি কৰা দুর্যোগ সন্দর্ভত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসম চৰকাৰে গুৱাহাটীৰ আশে-পাশে থকা পাহাৰসমূহত হৈ থকা খনন ৰোধৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ওচৰত যি আবেদন জনাইছিল সেই আবেদনৰ ভিত্তিত ন্যায়ালয়ে নিযুক্তি দিয়া কেন্দ্রীয় উচ্চ ক্ষমতাসম্পন্ন কমিটীখনে যোৰাবাটৰ সমীপত পাহাৰ কটা সন্দৰ্ভত অসম আৰু মেঘালয় দুয়োখন ৰাজ্যতে জাননী জাৰি কৰিছে। এই বিষয়টো বৈঠকত আলোচনা হয়। মুখ্যমন্ত্রী ড° শৰ্মাৰ মন্তব্য-মেঘালয়ৰ পৰা গুৱাহাটীলৈ পানীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ কৰাটো সম্ভৱ নহয়। বিগত দুদিনত গুৱাহাটীত সৃষ্টি হোৱা কৃত্রিম বানৰ বাবে দুয়োখন ৰাজ্যই পৰস্পৰক দোষাৰোপ কৰাটো যুক্তিসংগত নহ’ব। যোৰাবাটৰ পাহাৰ কটা বাবে ত্ৰিপুৰা ৰোড, জুৰিপাৰ আদি অঞ্চলত নতুনকৈ কৃত্রিম বানৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত যৌথ পৰীক্ষণৰ প্রয়োজন আছে।  বৈঠকত মেঘালয়ৰ ৩টা পইণ্টৰ পৰা কেনেকৈ পানী গুৱাহাটীলৈ নামি আহে সেই সন্দর্ভত অসম চৰকাৰে এক প্রেজেন্টেচন মেঘালয় চৰকাৰৰ ওচৰত দাঙি ধৰে। মেঘালয়ে অসম চৰকাৰৰ কথাসমূহ ভালদৰে বুজিছে। কিন্তু তাৰ লগে লগে এইটোও তেওঁলোকে স্পষ্ট কৰে যে মেঘালয়ৰ পাহাৰৰ বহু অংশ ব্যক্তিগত স্বত্বাধিকাৰৰ হাতত আছে। মেঘালয় চৰকাৰে এই পাহাৰসমূহৰ ওপৰত তেওঁলোকৰ কি নিয়ম আৰোপ কৰিব পাৰে তাৰ ওপৰতো বহু নিৰ্ভৰ কৰিব। এই বৈঠকত সিদ্ধান্ত লোৱা হয় যে নর্থ-ইষ্ট স্পেচ এপ্লিকেচন চেণ্টাৰ সমগ্ৰ উত্তৰ-পূবৰ যি উমৈহতীয়া মঞ্চ, এই অনুষ্ঠানটোৱে খানাপাৰা, বাহিনী, জুৰিপাৰ আৰু ত্ৰিপুৰা ৰোডকে ধৰি সমগ্ৰ অঞ্চলটো ছেটেলাইট মেপিং কৰিব আৰু ক’ৰ পৰা পানী আহে আৰু ক’লৈ বৈ যায় সকলো দিশ ছেটেলাইটৰ জৰিয়তে ছার্ভে কৰিব। ৩ মাহৰ ভিতৰত তেওঁলোকে আমাক ছেটেলাইট মেপ দিব। এই ছেটেলাইট মেপৰ আধাৰত কেনেধৰণৰ আন্তঃৰাজ্যিক পদক্ষেপেৰে দুয়োখন ৰাজ্যই কেনেকৈ যৌথভাবে সমস্যাটোৰ সমাধান কৰিব পাৰে তাৰ বাবে গোটেই বিষয়টো আইআইটি ৰুৰকীৰ ওচৰলৈ লৈ যোৱা হ’ব। আইআইটি ৰুৰকীয়ে যিধৰণে এই বিষয়টোৰ ওপৰত প্ৰতিবেদন দিয়ে অথবা সমাধান দিয়ে, সেই সমাধান বাস্তৱত ৰূপায়ণ কৰা হ’ব। মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা গুৱাহাটীলৈ আহি কৃত্রিম বানৰ সমস্যাৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্রী ড° শর্মাই ধন্যবাদো জ্ঞাপন কৰে। এই বৈঠকত কুলশী নদীত এটা জলবিদ্যুৎ প্রকল্প নির্মাণৰো আলোচনা কৰা হয়। এইক্ষেত্ৰত নামনি অংশৰ গাঁওসমূহৰ ৰাইজৰ সৈতে বিষয়টো আলোচনা কৰিব লাগিব। কিয়নো প্রকল্পটো স্থাপন হ’লে ১০খনমান গাঁও স্থানান্তৰৰ প্ৰয়োজন হ’ব। দুয়োখন ৰাজ্যৰ যৌথ প্রচেষ্টাত ৫৫ মেগাৱাট শক্তিসম্পন্ন স্থাপন হ’বলগা এই জলবিদ্যুৎ প্রকল্পটোৰ সমান্তৰালকৈ জলসিঞ্চন প্রকল্প এটাও স্থাপন হ’ব। অৱশ্যে জলসিঞ্চন প্রকল্পটো সম্পূৰ্ণৰূপে অসম চৰকাৰৰ উদ্যোগত হ’ব। ইয়াৰ জৰিয়তে কামৰূপ আৰু গোৱালপাৰাত জলসিঞ্চন ব্যৱস্থা কৰিব পৰা যাব।  আনহাতে, এই বৈঠকত সীমা বিবাদৰ ওপৰত বিস্তৃত আলোচনা হয়। এই সন্দর্ভত মুখ্যমন্ত্রী ড° শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে পূর্বে ৬টা অঞ্চলৰ সীমা বিবাদ নিষ্পত্তি কৰা হৈছে। এই ৬টা অঞ্চলৰ ভিতৰত গুৱাহাটীৰ গাত লাগি থকা পিলিংকাটা অঞ্চলটোক লৈ সীমা বিবাদৰ ওপৰত আলোচনা হৈছিল যদিও কিছু সমস্যা এতিয়াও অঞ্চলটোত আছে। পিলিংকাটাৰ এই সমস্যা পৰৱৰ্তী সময়ত জিলা আযুক্তৰ জৰিয়তে আলোচনা কৰা হ’ব। সেই অঞ্চলৰ কেইখনমান গাঁও মেঘালয় চৰকাৰে বিচৰাৰ বিপৰীতে চুবুৰীয়া ৰাজ্যখনে গাঁওকেইখনৰ বিনিময়ত সমপৰিমাণৰ মাটি অসমক এৰি দিয়াৰ প্রস্তাৱো দাঙি ধৰিছে। এই বৈঠকত বিবাদ নিষ্পত্তি হোৱা ৫টা সীমাত ১৫ আগষ্টৰ পূৰ্বে দুয়োখন ৰাজ্যই সীমা নির্ধাৰণ হোৱা অঞ্চলত পিলাৰ স্থাপন কৰিব।