লখিমপুৰৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা শনিবাৰে নীপকোসৃষ্ট ৰঙানদীৰ বলিয়া বানে ৰঙানদীৰ নামনি অংশৰ আমতলাত ছিঙি নিছিল মথাউৰি। মথাউৰি ছিঙি নিয়াৰ ফলত বহু পৰিয়াল গৃহবন্দী হৈ চৰম যন্ত্ৰণাৰ মাজেৰে সময় অতিবাহিত কৰি আছে। চকুৰ পচাৰতে পকী ঘৰৰ লগতে সকলো চুৰমাৰ কৰি নিছিল বানে। এই প্রলয়ৰ পিছতে বান বিধ্বস্ত লখিমপুৰ জিলাৰ আমতলা অঞ্চলত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা। বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ক্ষয়-ক্ষতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে । বান পৰ্যবেক্ষণৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই বানত যিসকলৰ ক্ষতি হৈছে, আমি সকলোৰে ক্ষতিপূৰণৰ ব্যৱস্থা নিশ্চিতকৈ কৰিম। এই সময়ত খিলঞ্জীয়া থলুৱা মানুহৰ বেদনা আমি মর্মে মর্মে উপলব্ধি কৰিছোঁ। তেওঁ লগতে কয়, জনসাধাৰণৰ বাবে আমি প্রতিটো ক্ষণতেই দায়বদ্ধ। প্রচণ্ড বৰষুণৰ বাবে লখিমপুৰৰ আমতলাত বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। আমাৰ প্ৰশাসনে জনসাধাৰণৰ সহায়-সহযোগিতা তথা নিৰাপত্তাৰ বাবে অহৰহ অক্লান্তভাৱে কাম কৰি গৈছে। বিপদাশংকা হ্রাস পালে তথা পৰিস্থিতি স্বাভাৱিক হ’লে তৎকালীনভাৱে আমি ক্ষতিগ্রস্ত সকলোৰে লোকচানৰ বাবে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিম। লগতে তেওঁ কয়, অসমৰ জনতাৰ প্ৰতিটো সুখ আৰু দুখৰ সময়ত আমাৰ চৰকাৰ সদায়ে লগত আছে আৰু আগলৈও থাকিব। কুশলে থাকক সকলো। ইফালে শেহতীয়া বান সন্দৰ্ভত বিদ্যুৎ বিভাগৰ কৰণীয় বা এনে প্রাকৃতিক দুৰ্যোগৰ সময়ত কেনে ধৰণৰ সক্ৰিয়তা আৰু আগতীয়া সতর্কতা অবলম্বন কৰিব লাগে- এই বিষয়ত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কিছু আলোচনা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে বৰষুণৰ আগজাননী পোৱাৰ পাছত তাৎক্ষণিকভাৱে অধিক সতর্কতাৰে জিলা প্ৰশাসনৰ লগত সমন্বয়েৰে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই। তদুপৰি ৰঙানদী বান্ধৰ পানী মুকলি কৰি দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ শর্মাই নীপকোৰ পৰা জবাবদিহিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, “অৰুণাচল প্ৰদেশৰ ইয়াজালিত নিৰ্মিত নীপকো জলবিদ্যুৎ প্ৰকল্পৰ পৰা যদি কোনো জাননী অবিহনে পানী মুকলি কৰে, তেন্তে কিয় মুকলি কৰা হ’ল তাৰ ব্যাখ্যা দিব লাগিব ।”
