শুকুৰবাৰৰ পৰা নিখোজ হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিগত কেইটামান দিনত গুৱাহাটী মহানগৰীত কেইবাটাও গাৰ নোম শিঁয়ৰি উঠা ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ পুনৰ এক নৃশংসকাণ্ডৰ খবৰ পোহৰলৈ আহিছে মহানগৰীৰ পৰা। শুকুৰবাৰৰ পৰা নিখোজ হৈ থকা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় বৰ্ষাপাৰা ষ্টেডিয়ামৰ সমীপত বেংক কলনীৰ ভৰলু নদীত। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ৩০ জুন শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল শুভ্ৰজিত পাল নামৰ যুৱকজন।শুভ্ৰজীতৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি দুজন বন্ধুৰ সৈতে শুকুৰবাৰৰ নিশা ওলাই গৈছিল শুভ্ৰজীত পাল। কিন্তু তাৰ পাছতে ঘৰলৈ ঘূৰি অহা নাছিল শুভ্ৰজিত। যাক লৈ পৰিয়াল চিন্তিত হৈ পৰিছিল। ঘৰলৈ ঘূৰি নহা দেখি প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে শুভ্ৰজিতৰ বিচাৰ খোচৰ কৰিছিল। কিন্তু যেতিয়া শুভ্ৰজিতৰ কোনো খবৰ লাভ নকৰে তেতিয়া পৰিয়ালৰলোকে আৰক্ষীক খবৰ দিয়ে। পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত ফটাশিল আমবাৰী থানাত এজাহাৰ দাখিল কৰি শুভ্ৰজিতক বিচাৰি উলিওৱাৰ আহ্বান জনায়।কিন্তু কোনো সন্ধান নাছিল যুৱকজনৰ। ৩০ বছৰীয়া শুভ্ৰজিতৰ ঘৰ মহানগৰীৰ ওদালবাক্ৰাত। পেছাত গাড়ীচালক শুভ্ৰজিত পিতৃৰ সৈতে একেলগে আছিল। আৰক্ষী আৰু পৰিয়ালৰ লোকে বিচাৰ খোচৰ চলাই থাকোতে সোমবাৰে পুৱা আহে এক বেয়া খবৰ।

বৰ্ষাপাৰা ষ্টেডিয়ামৰ সমীপত বেংক কলনীৰ ভৰলু নদীত উদ্ধাৰ হয় শুভ্ৰজিতৰ মৃতদেহ। পুৱাই স্থানীয়লোকে পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল মৃতদেহটো। ইয়াৰ পাছতে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু সেইটো শুভ্ৰজিতৰ মৃতদেহ বুলি চিনাক্ত কৰে। যুৱকজনৰ পৰিয়ালে কৰা অভিযোগ অনুসৰি এয়া এক হত্যাকাণ্ড। ৰাজীৱ আৰু সোণা নামৰ দুজন যুৱকে মিলি হত্যা কৰিছে শুভ্ৰজিতক। যুৱকজনৰ ভগ্নীয়ে জনোৱা অনুসৰি শুকুৰবাৰে তেওঁ শুভ্ৰজিতলৈ ফোন কৰিছিল। কিন্তু তেতিয়া ৰাজীৱ আৰু সোণাই ফোন ৰিচিভ কৰিছিল আৰু শুভ্ৰজিতে বিৰায়নী আনিবলৈ যোৱা বুলি কৈছিল। সেই তেতিয়াৰ পৰা সন্ধান নাছিল শুভ্ৰজিতৰ। এই সমগ্ৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষীৰ লোকে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। শুভ্ৰজিতৰ কেনেকৈ মৃত্যু হ’ল, এয়া হত্যা নে আন কিবা সেয়া মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে জানিব পৰা যাব। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
