মিছা শিক্ষা – সঞ্জীৱ গগৈ

মিছা শিক্ষা

সঞ্জীৱ গগৈ
 মেলেংগ্ৰাণ্ট, যোৰহাট

এনে শিক্ষাৰ কি লাভ
বাস্তৱত যাৰ প্ৰয়োগ নঘটে,
পৰীক্ষাৰ ফলাফল তথা
কিতাপেই যাৰ সীমাবদ্ধতা।
নিৰক্ষৰ আয়ে সঁচা মৰম দিব জানিছিল
অনক্ষৰ পিতায়ে অভাৱী হ’বলৈ নিদিছিল
মই সৰ্ব শিক্ষিত
অথচ বৃদ্ধা আয়ে সন্তানৰ কিঞ্চিৎ মৰমৰ বাবে
হাঁহাকাৰ কৰি মৰে,
অভাৱত প্ৰতিবন্ধী হৈ পৰে বৃদ্ধ পিতাই।
অপত্যৰ সুথিল ভৱিষ্যত স্বপ্নৰে
অজস্ৰ বৃক্ষই ছাঁ দি জীৱন্ত কৰা পুলিটো
বৃক্ষ নহৈ ৰঘূমলা হ’ল,
শিক্ষাৰ পোহৰে মাথোঁ বিলাসিতাক পোহৰালে
তেনে শিক্ষিতৰ আৱশ্যকতা ক’ত
য’ত প্ৰকৃত শিক্ষাৰ নিৰ্বহন হয়।
দীৰ্ঘদিনীয়া সাধনাৰ অন্তত
শিক্ষা জানো কেৱল অৰ্থ উপাৰ্জন!
আত্মগ্ৰাহিতাতেই কেন্দ্ৰীভূত হয় জানো
শিক্ষাৰ অন্তহীন পোহৰ!
সেয়া মিছা শিক্ষা
ভণ্ডৰ ভণ্ডামি,
জ্ঞানহীন ধূৰ্ত্তই নিজকে
বিদ্বান বুলি দাবী কৰাৰ ধূৰ্ত্তালি।