৩ জুনৰ ভিতৰত অৰুণোদয় ৩.০ৰ ডিজিটেলাইজেচন সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

৩ জুনৰ ভিতৰত অৰুণোদয় ৩.০ৰ ডিজিটেলাইজেচন সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- লোকসেৱা ভৱনৰ সভাকক্ষৰ পৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই  ভিডিঅ’ কনফাৰেঞ্চযোগে জিলা আয়ুক্তসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত অৰুণোদয় ৩.০ৰ ফলপ্রসূ ৰূপায়ণৰ দিশত বর্তমানলৈকে হোৱা অগ্রগতিকে ধৰি বিভিন্ন দিশ মুখ্যমন্ত্রী ড° শর্মাই বিতংভাৱে পর্যালোচনা কৰে। লগতে অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে মুখ্যমন্ত্রী এটি কলি দুটি পাত নামৰ নতুন আঁচনিখনৰ ৰূপায়ণ সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্রী ড° শর্মাই কয় যে অৰুণোদয় ২.০ অহা ১০ জুনত সমাপ্ত হ’ব। অৰুণোদয় ৩.০ আৰম্ভ কৰিবলৈ হ’লে জিলা আয়ুক্তসকলে ডিজিটালাইজেচন ১০০ শতাংশ সম্পূৰ্ণ কৰিব লাগিব। অহা ৩ জুনৰ ভিতৰত ডিজিলাইজেচন প্রক্রিয়া ১০০ শতাংশ সম্পূৰ্ণ কৰাৰ বাবে তেওঁ নির্দেশ দিয়ে। ৰেচন কার্ড নথকাৰ বাবে কোনো যোগ্য হিতাধিকাৰী যদি বাদ পৰি গৈছে তেওঁলোকৰ নাম অন্তর্ভুক্ত কৰিব লাগিব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰে। ইয়াৰ বাবে জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটীৰ সভা অনুষ্ঠিত কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসকলৰ লগতো আলোচনা কৰিবলৈ জিলা আয়ুক্তসকলক তেওঁ নির্দেশ প্রদান কৰে। তদুপৰি মুখ্যমন্ত্রী ড° শৰ্মাই অৰুণোদয় ৩.০ৰ ডাটাসমূহ বিধানসভা সমষ্টি ভিত্তিত প্ৰস্তুত কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। তদুপৰি আজিৰ বৈঠকত নতুনকৈ মুখ্যমন্ত্রী এটি কলি দুটি পাত নামৰ আঁচনিখনৰ ৰূপায়ণ সন্দর্ভতো তেওঁ বিতংভাৱে আলোচনা কৰে। অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই আঁচনিৰ অধীনত ৰাজ্যৰ চাহ বাগিচাৰ স্থায়ী, অস্থায়ী শ্রমিক আৰু চাহ বাগিচাসমূহত কৰ্মৰত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকললৈ এককালীন পাঁচ হাজাৰ টকাকৈ আর্থিক সাহায্য আগবঢ়োৱা হ’ব। অভিভাৱক মন্ত্রীসকলৰ লগত আলোচনামর্মে জিলা পৰ্যায়ৰ ৰূপায়ণ কমিটী গঠন কৰিবলৈ জিলা আয়ুক্তসকলক তেওঁ নির্দেশ প্রদান কৰে। এই কমিটীত প্ৰতিটো সমষ্টিৰ পৰা চাহ বাগিচা অঞ্চলৰ একোজনকৈ সমাজকর্মী অন্তর্ভুক্ত কৰাৰ বাবেও নির্দেশ দিয়া হয়। এই আঁচনিৰ অধীনত হিতাধিকাৰী নির্বাচন কৰি জিলা পৰ্যায়ৰ ৰূপায়ণ কমিটীৰ অনুমোদন সাপেক্ষে প্ৰ-পত্ৰ পূৰণকে ধৰি সকলো প্ৰক্ৰিয়া অহা ১০ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ জিলা আয়ুক্তসকলক মুখ্যমন্ত্রী ড° শৰ্মাই সময়সীমা নির্ধাৰণ কৰি দিয়ে। স্বাধীনতা দিৱসৰ দিনাই এই আঁচনিখনৰ শুভাৰম্ভ কৰাৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই এই আঁচনিখনৰ ৰূপায়ণৰ বাবে সকলো দিশ তদাৰক কৰিবলৈ এগৰাকী অতিৰিক্ত উপায়ুক্তক ন’ডেল বিষয়া হিচাপে নিয়োগ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। এই বৈঠকত বিত্তমন্ত্রী অজন্তা নেওগ, বিধায়ক বিশ্বজিৎ ফুকনৰ উপৰি মুখ্য সচিব ড° ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড° কে কে দ্বিবেদী, বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লেকাৰকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।