শিক্ষাবিদ প্ৰফুল্ল চন্দ্ৰ বৰাৰ বিয়োগত মাজুলী মহাবিদ্যালয়ত শোকসভা

শিক্ষাবিদ প্ৰফুল্ল চন্দ্ৰ বৰাৰ বিয়োগত মাজুলী মহাবিদ্যালয়ত শোকসভা
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী কমলাবাৰী বিষ্ণুপুৰ গাঁৱৰ নিৱাসী , এগৰাকী দিগগজ শিক্ষাবিদ, মাজুলী আউনীআটী হেমচন্দ্ৰ হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক, সদৌ অসম মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থা মাজুলী জিলা সমিতিৰ প্ৰাক্তন সভাপতি, বিভিন্ন সামাজিক অনুষ্ঠানেৰে জড়িত সৰবৰহী ব্যক্তি, মাজুলী মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সন্মানীয় সদস্য, দক্ষ প্ৰশাসক, সমাজ সংগঠক প্ৰফুল্ল চন্দ্ৰ বৰাৰ বিয়োগত আজি মাজুলী মহাবিদ্যালয়ত এখনি শোকসভা অনুষ্ঠিত হয়। নিৰ্ভীক, স্পষ্টবাদী তথা আপোচবিহীন ব্যক্তিগৰাকীৰ বিয়োগৰ  বাতৰি পাই তেখেতৰ বাসগৃহত গৈ মহাবিদ্যালয়ৰ হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পাছতে মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা শোকসভাত সভাপতিত্ব কৰে শিক্ষাবিদগৰাকীৰ একালৰ ছাত্ৰ তথা মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়াই আঁত ধৰা সভাখনিত শিক্ষাবিদগৰাকীৰ ব্যক্তিত্ব সম্পৰ্কে বক্তব্য আগবঢ়াই ডঃ দেৱজিৎ শইকীয়াই কয় , “কাহানিও নীতিৰ ক্ষেত্ৰত আপোচ কৰিব নোখোজা আদৰ্শ শিক্ষাগুৰু প্ৰফুল্ল চন্দ্ৰ বৰাদেৱ কেৱল শ্ৰেণীকোঠাৰ ভিতৰতে শিক্ষক নাছিল, শিক্ষাৰ্থীক জীৱনবোধ আৰু নৈতিকতাৰ শিক্ষা দিয়াৰ গুণত তেখেত আছিল এগৰাকী সঁচা অৰ্থত জীৱনৰ শিক্ষক।” তেখেতৰ বিয়োগত মাজুলীৰ বৌদ্ধিক পৰিমণ্ডলত অপূৰণীয় ৰিক্তস্থানৰ সৃষ্টি হ’ল বুলিও অধ্যক্ষজনে উল্লেখ কৰে। মহাবিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, অধ্যাপক তুলসী ৰাজখোৱা,  বসন্ত বৰা, দেৱজ্যোতি খাটনিয়াৰ, ডঃ প্ৰফুল্ল বৰা, দীনেশ পেগু, ডঃ জয়া কলিতা গগৈ, ডঃ পল্লৱী দুৱৰা, আচাৰ্য মোহন দাস, মহাবিদ্যালয় কৰ্মচাৰী গোটৰ সভাপতি পদ্মধৰ বৰুৱা, সম্পাদক উৎপল বৰুৱা প্ৰমুখ্যে শিক্ষক-কৰ্মচাৰী-শিক্ষাৰ্থীৰ উপস্থিতিত অনুষ্ঠিত সভাখনিত প্ৰয়াত শিক্ষাবিদগৰাকীৰ বিদেহ আত্মাৰ সদগতিৰ বাবে  মৌন প্ৰাৰ্থনা জনাই শোকপ্ৰস্তাৱ গ্ৰহণ কৰে।