আউনীআটী উচ্চতৰ মাধ্যমিকৰ দুৱাৰ মুকলি

আউনীআটী উচ্চতৰ মাধ্যমিকৰ দুৱাৰ মুকলি ; আবেগিক , নিজে পঢ়া বিদ্যালয়ত ড০ পীতাম্বৰ দেৱ গোস্বামী ক’লে ,  চৰিত্ৰগঠনৰ শিক্ষা দিয়ক

বিকাশ শইকীয়া, মাজুলী , ৰঙিলী বাৰ্ত্তাসেৱা- ১৯১৯ চনত প্ৰতিষ্ঠা হোৱা আউনীআটী উচ্চ বুনিয়াদী বিদ্যালয় উচ্চতৰ মাধ্যমিক হ’ল। ১৯৮১ চনত উচ্চ মাধ্যমিক হোৱাৰ পিছত উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাত আনুষ্ঠানিক দুৱাৰ মুকলি কৰি নিজে পঢ়া বিদ্যালয়খনত আবেগিক হৈ পৰে আউনীআটীয় সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী। ১০৬ বছৰীয়া শৈক্ষিক যাত্ৰাৰ সীমনাত এই ঐতিহাসিক মুহূৰ্ত্তত সত্ৰাধিকাৰ গৰাকীয়ে আজি বিদ্যালয়খনিৰ উচ্চতৰ শাখাৰ শুভ আৰম্ভণি ঘটায়। উচ্চতৰ শাখাৰ উদ্বোধনী আৰু নৱাগত আদৰণি সভাত মুখ্য বক্তা ৰূপেও অংশগ্ৰহণ কৰি সত্ৰাধিকাৰ গৰাকীয়ে চৰিত্ৰ গঠনৰ শিক্ষা দিয়াত গুৰুত্ব দিয়ে। আউনীআটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই তেনে এক অভিযান আৰম্ভ হ’ব বুলি তেখেতে আশা প্ৰকাশ কৰে ।

উল্লেখযোগ্য, আউনীআটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০৬ বছৰীয়া বৰ্ণিল যাত্ৰাৰ নৱ সংযোজন উচ্চতৰ শাখাৰ শুভাৰম্ভণি আৰু উচ্চতৰ শাখাত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যেৰে নৱাগত আদৰণি সভাখনত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য ড° পীতাম্বৰদেৱ গোস্বামী , মাজুলী বিধান সভা সমষ্টিৰ বিধায়ক ভুৱন গাম , মাজুলী জিলা সংমণ্ডলৰ পৰিদৰ্শিকা লিপিকা বুঢ়াগোহাঁই , অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ ফুকন , গড়মূৰ পীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ গোস্বামী, মাজুলী আউনীআটী হেম চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জগত জ্যোতি সাতোলা, অৱসৰপ্ৰাপ্ত শিক্ষক গংগাধৰ বৰা, লক্ষ্মীনাথ বৰুৱা, আউনীআটী সত্ৰৰ বিশিষ্ট বৈষ্ণৱ হেৰম্ব প্ৰসাদ হাজৰিকা, খগেন লেখাৰু, অভিভাৱক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। বিশিষ্ট অতিথিৰ ভাষণত বিদ্যালয়সমূহৰ পৰিদৰ্শিকা লিপিকা বুঢ়াগোহাঁইয়ে  বিভিন্ন প্ৰত্যাহ্বান নেওচি বিদ্যালয়খনে দেখুওৱা পাৰদৰ্শিতাৰ শলাগ লয় আৰু ভৱিষ্যতে শিক্ষা বিভাগৰ তৰফৰ সকলো সহযোগিতা আগবঢ়াব বুলি তেখেতৰ ভাষণত কয়। স্হানীয় বিধায়ক ভূৱন গামে সভাৰ উদ্ধোধনি ভাষণত শিক্ষাৰ ক্ষেত্ৰত তেখেতে মাজুলীত আৰম্ভ কৰা বিভিন্ন কাৰ্য্যক্ৰমৰ বিষদ ব্যাখ্যা আগবঢ়ায়। বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক কমল দত্তৰ পৰিচালনাত হোৱা সভাখনিত বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত দোলাকাষৰীয়াই আদৰণি ভাষণ প্ৰদান কৰে।

সভাখনিত  বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বিশিষ্ট ব্যৱসায়ী বেদান্ত বৰাই দহ যোৰ ডেক্স-বেঞ্চ আগবঢ়াই। প্ৰয়াত হৰেন্দ্ৰ নাথ হাজৰিকাৰ সোঁৱৰণত তেখেতৰ পৰিবাৰ সুৰবালা হাজৰিকাই উচ্চতৰ শাখাৰ প্ৰথম বৰ্ষত শ্ৰেষ্ঠ ছাত্ৰজনক পাঁচহাজাৰ টকাৰ পুৰস্কাৰ দিব বুলি ঘোষণা কৰে। মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা সকলৰ প্ৰতি কৃতজ্ঞতা জনাই প্ৰতিনিধিমূলকভাৱে আউনীআটী সত্ৰৰ হেৰম্ব প্ৰসাদ হাজৰিকা, জুগুনীধাৰীৰ হেৰম্ব প্ৰসাদ বৰা আৰু লাহলিয়াল গাঁৱৰ মোহন চন্দ্ৰ ভূঞাক  সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য, ইতিমধ্যে উচ্চতৰ শাখাত আঠগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। কম্পাৰ্টমেটেল পৰীক্ষাৰ পৰাও সেই সংখ্যা বৃদ্ধি পাব বুলি আশা কৰিছে বিদ্যালয়ে । বিয়লি অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ধীৰেন্দ্ৰনাথ বৰাই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও শিল্পীদ্বয় জাহ্নৱী মিশ্ৰ আৰু চিৰঞ্জিত ভূঞাৰ গীতৰ শৰাই , মণিকাঞ্চন পৰ্টেলৰ পৰিচালন সঞ্চালক মানিক বৰাৰ পৰিচালিত আধ্যাত্মিক শিল্পী সমাজৰ দিহা নাম আছিল সভাৰ বিশেষ আকৰ্ষণ। আৰম্ভণিতে সত্ৰাধিকাৰ গৰাকীয়ে দীপাংকৰ গগৈ আৰু গাৰ্গী গগৈৰ তত্বাৱধানত  প্ৰকাশ  হোৱা উচ্চতৰ শাখাৰ প্ৰথম খনি প্ৰাচীৰ পত্ৰিকা ‘যুগান্তৰ’ উন্মোচন কৰে।