ডিব্ৰুগড়ত ঈদুজ্বোহা উৎসৱ ৭ জুনত : ইছলাম ধৰ্মীৰ মাজত ঈদৰ প্ৰস্ততি আৰু উৎসাহ উদ্দীপনা
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো আৰবী জ্বিলহজ্ব মাহৰ ন-জোন প্ৰত্যক্ষ কৰাৰ পৰিপ্ৰেক্ষিতত অহা ৭( সাত) জুনত ডিব্ৰুগড়ৰ ইছলামধৰ্মী লোকসকলে পালন কৰিব তেওঁলোকৰ পৱিত্ৰ উৎসৱ ঈদুজ্বোহা বা বকৰিঈদ।ডিব্ৰুগড়ত থকা ৩০ টা মছজিদৰ উপৰিও গ্ৰাহাম বজাৰত থকা “ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহ” আৰু আমোলাপট্টিত থকা “আলহজ্ব জালাল উদ্দিন আহমদ ঈদগাহ”ত ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হ’ব। ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰত থকা ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহত ঈদৰ নামাজ পুৱা ৮-০০(আঠ) বজাত অনুষ্ঠিত হ’ব বুলি ঈদগাহ কমিটিৰ সভাপতি আলহজ আমানউল্লা আনচাৰি আৰু সম্পাদক আলহজ চৌকত আলিয়ে জানিবলৈ দিয়ে।উক্ত নামাজত ইমামতি কৰিব ডিব্ৰুগড়ৰ কদমনি মছজিদৰ পেচ ইমাম মৌলানা ৰিয়াজুল ইছলাম আল জমিয়ে। ডিব্ৰুগড়ৰ নালিয়াপুল মছজিদত পুৱা ৮-১৫ বজাত ঈদৰ নামাজ অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে মছজিদ কমিটিৰ সভাপতি ইকবাল হুছেইন বৰা আৰু সম্পাদক নজমুল হুছেইনে। ইয়াত ইমামতি কৰিব পেচ ইমান মৌলানা মোবাৰক হুছেইনে। ডিব্ৰুগড়ৰ কনভয় ৰোডত থকা ন-মছজিদত ঈদৰ নামাজ অনুষ্ঠিত হ’ব পুৱা ৮-০০ বজাত। এই ঈদৰ নামাজত ইমামতি কৰিব হাফিজ মৌলানা ইনামুল আলিয়ে বুলি জানিবলৈ দিয়ে মছজিদ কমিটিৰ সভাপতি আলহজ নাচিমুল গণি আৰু সম্পাদক আলহজ নাচিমুৰ ৰহমানে। ঈদগাহৰ নামাজলৈ যাওঁতে নিজ নিজ জায়নামাজ বা নামাজ পঢ়াৰ কাপোৰ লগত নিবলৈ অনুৰোধ জনাইছে সংশ্লিষ্ট ঈদগাহ কমিটিয়ে। পৰিচালনা সমিতি সমূহে শান্তি সম্প্ৰীতি অটুট ৰাখি সকলোকে ঈদ উৎসৱ পালন কৰিবলৈও বিনম্ৰ অনুৰোধ জনাইছে।