অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত ‘ ইমাৰ্জিং ফিল্ডছ ইন মেকানিকেল ইঞ্জিনিয়াৰিং (Emerging Fields in Mechanical Engineering)’ শীৰ্ষক এখন আলোচনা চক্ৰ সম্পন্ন
গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ‘ইমাৰ্জিং ফিল্ডছ ইন মেকানিকেল ইঞ্জিনিয়াৰিং (Emerging Fields in Mechanical Engineering)’ শীৰ্ষক এখন আলোচনা চক্ৰ ৩০ মে’ত আজাৰা চৌহদ অনুষ্ঠিত হয় ।
মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁয়ে সমল ব্যক্তি ড° ধ্ৰুবজিত শৰ্মাৰ পৰিচয় দাঙি ধৰে । ড° শৰ্মা বিভাগখনত নতুনকৈ নিযুক্তি পোৱা এগৰাকী সহকাৰী অধ্যাপক।। ড° শৰ্মাই এক জ্ঞানবর্ধক আৰু আকৰ্ষণীয় বক্তব্য আগবঢ়ায়, য’ত তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিং ক্ষেত্ৰখনত পৰিবৰ্তন হৈ থকা আধুনিক প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰে। তেওঁ প্ৰথমে উদীয়মান প্ৰযুক্তিসমূহে কেনেকৈ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ৰূপান্তৰ ঘটাইছে, তাৰ ওপৰত আলোকপাত কৰে। তেওঁ এডিটিভ মেনুফেকচাৰিং Additive Manufacturing),মেকাট্ৰনিক্স এণ্ড স্মাৰ্ট ছিষ্টেম (Mechatronics and Smart Systems),নেন’টেকন’লজি এণ্ড স্মাৰ্ট ইঞ্জিনিয়াৰিং (Nanotechnology and Smart Engineering),বায়’মেকানিক্স (Biomechanics), আই এণ্ড মেচিন লাৰ্নিং ইন মেকেনিকেল চিষ্টেমছ (AI & Machine Learning in Mechanical Systems) আদি বিষয়ে আলোচনা কৰে। এই আলোচনা চক্ৰত ব্যক্তি ড° ধ্ৰুবজিত শৰ্মাই অংশগ্ৰহণকাৰীসকলক শেহতীয়া প্ৰযুক্তিগত উন্নতি আৰু ইয়াৰ বাস্তৱ জগতৰ প্ৰয়োগৰ বিষয়ে পৰিচয় কৰায়। আলোচনা চক্ৰখনত ড° বুলজিৎ বুঢ়াগোহাঁয়ে শলাগৰ শৰাই আগবঢ়ায়।