কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলত হয়। প্ৰতিৰক্ষা মন্ত্ৰীজনৰ চৰকাৰী বাসভৱনত হোৱা বৈঠকৰ পাছত ৰাজ্য চৰকাৰে এক বিবৃতি প্ৰকাশ কৰে। বিবৃতিত উল্লেখ কৰা মতে, মুখ্যমন্ত্রী ড° শর্মাই অসমত ডিফেঞ্চ কৰিড’ৰ স্থাপনৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ হস্তক্ষেপ কামনা কৰে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ সন্মুখত মুখ্যমন্ত্রী ড° শৰ্মাৰ বক্তব্য- অসমত ডিফেঞ্চ কৰিড’ৰ স্থাপন কৰিব পাৰিলে দেশৰ পূৰ্ব সীমান্তত মোতায়েন কৰা সেনাবাহিনীৰ প্ৰয়োজন পূৰণ কৰিব পাৰিব। এই কৰিড’ৰে প্ৰধানমন্ত্ৰীৰ ‘মেক ইন ইণ্ডিয়া’ৰ সপোন পূৰণ কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত নতুন নতুন অর্থনৈতিক সম্ভাৱনাৰো সৃষ্টি কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী সিঙে অসমত ডিফেঞ্চ কৰিড’ৰ স্থাপন কৰাৰ বিষয়টো কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রালয়ে সক্রিয়ভাৱে বিবেচনা কৰি থকা বুলি মুখ্যমন্ত্রী ড° শর্মাক আশ্বাস প্রদান কৰে। চৰকাৰী প্ৰেছ বিবৃতিটোত এইক্ষেত্রত চলিত বছৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অসম মহাকাশ আৰু প্ৰতিৰক্ষা সম্পর্কীয় সা-সঁজুলি উৎপাদন নীতিৰ কথা দাঙি ধৰি কোৱা হৈছে যে এই নীতিয়ে অসমক দেশৰ অন্যতম মহাকাশ আৰু প্ৰতিৰক্ষা উৎপাদনৰ হাব হিচাপে প্রতিষ্ঠিত কৰিবলৈ সহায় কৰিব। অসমৰ কৌশলগত অৱস্থান, আন্তঃগাঁথনি আৰু প্ৰাকৃতিক সম্পদে এই নীতিৰ জৰিয়তে বিনিয়োগক আকৰ্ষিত কৰিব তথা প্ৰতিৰক্ষা খণ্ডৰ উদ্ভাৱনী শক্তিকো বিকশিত কৰিব বুলি চৰকাৰী বিবৃতিটোত প্ৰকাশ কৰা হৈছে। মন কৰিবলগীয়া যে যদিহে অসমত ‘ডিফেঞ্চ কৰিড’ৰ’ স্থাপন হয়, তেন্তে উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ পাছত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখন হৈ পৰিব ঘৰৱাভাৱে প্ৰতিৰক্ষা মহাকাশ সম্পকীয় সা-সঁজুলি উৎপাদনৰ দেশৰ তৃতীয়টো হাব।