শিশু উপযোগী কবিতা
অংগনবাদী লৈ যাওঁ আমি
ছেলিমা বেগম,নগাঁও
আহাঁ আহাঁ কৰিম ,ৰহিম , যদু আৰু মধুমালা
অংগনবাদী লৈ যাওঁ আমি বলা ৷
অ,আ, ই,ঈ আমি শিকিম
A.B.C.D আমি লিখিম ৷
চৰকাৰে বনাই দিলে পাৰ্ক
খেলি খেলি শিকিম পাঠ ৷
লগত যাব আমাৰ পূজনীয় আই
পিঠিত বোজা আৰু আমাৰ নাই ৷
ৰান্ধনী বাইদেউৰ খিচিৰি পাই
পেট ভৰাই আমি কণমানিহতেঁ খাই ৷
বাইদেউৱে নাচি নাচি পঢ়াই দিব পাঠ
নাই পঢ়াৰ বোজা আমাৰ আৰু তাত ৷
নাচৰ তালে তালে শিকি লোৱা কবিতা
মুখস্থ কৰি লোৱা গোটেইখিনি সবিতা ৷
চৰকাৰে বনাই দিয়া ইউনিফৰ্ম পাই
দেউতাৰ খৰছ আৰু নাই ৷
আপেল,আঙুৰ দিয়ে আমাক নিতৌ খোৱাই
দৌৰি দৌৰি আমি অংনবাদী লৈ যাওঁ ওলাই।