ৰাজ্যত ‘বাংলাদেশী’ ধৰাৰ নামত আৰক্ষীৰ অযথা জোৰজুলুম-হাৰাশাস্তিঃ চিপিআই(এম)ৰ প্ৰতিবাদ

ৰাজ্যত ‘বাংলাদেশী’ ধৰাৰ নামত আৰক্ষীৰ অযথা জোৰজুলুম-হাৰাশাস্তিঃ চিপিআই(এম)ৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অবৈধ বাংলাদেশী নাগৰিকক ৩০ দিনৰ ভিতৰত চিনাক্ত কৰিবলৈ প্ৰদান কৰা নিৰ্দেশৰ পাছতে যোৱা তিনিদিনৰ পৰা ৰাজ্যত অবৈধ বিদেশী নাগৰিকক ধৰাৰ নামত আৰক্ষীৰ জোৰ-জুলুম আৰু হাৰাশাস্তি আৰম্ভ হৈছে। চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে উদ্বেগেৰে লক্ষ্য কৰিছে যে বাংলাদেশী ধৰাৰ নামত জিলাই জিলাই আৰম্ভ হৈছে অসম আৰক্ষী আৰু সীমান্ত আৰক্ষীৰ অমানৱীয় অভিযান। শিৱসাগৰ, যোৰহাটকে ধৰি উজনি অসম, নামনি অসম, বৰাক উপত্যকা আৰু ৰাজধানী চহৰ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যত যোৱা ২৪ মে’ৰ নিশাৰ পৰাই আৰক্ষীৰ সাম্প্ৰদায়িক দৃষ্টিভংগীৰে চলোৱা অভিযান ব্যাপকতৰ কৰি তোলা হৈছে। সংবিধানবিৰোধী তথা সাম্প্ৰদায়িক ‘কা’ আইন প্ৰণয়ন আৰু বলৱৎ হোৱাৰ পাছত ‘বিদেশী ধৰা’ এই অভিযানত ৰাজ্য প্ৰশাসন তথা অসম আৰক্ষীৰ অমানৱীয় আচৰণৰ প্ৰধান বলি হৈছে পূৰ্ববংগীয় মূলৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল। প্ৰচলিত আইনী প্ৰক্ৰিয়াৰে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অসমলৈ আহি অবৈধভাৱে বসবাস কৰি থকাসকলক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত কাৰো আপত্তি নাথাকে বা থাকিব নোৱাৰে। কিন্তু ৰাজ্য চৰকাৰ তথা আৰক্ষীয়ে আইনী প্ৰক্ৰিয়াক সম্পূৰ্ণ ভেঙুচালি কৰি কেৱল সন্দেহৰ ভিত্তিত নাগৰিকক আটক তথা বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰিছে। আনকি ১৯২৩ চনতে অৰ্থাৎ ব্ৰিটিছ যুগতে মাটিৰ পট্টা লাভ কৰা ভাৰতীয় নাগৰিককো আৰক্ষীয়ে কেৱল সন্দেহৰ বশৱৰ্তী হৈ আটক কৰাৰ বাতৰি প্ৰকাশ পাইছে। ন্যায়াধীকৰণৰ বিচাৰ প্ৰক্ৰিয়াত বহু আসোঁৱাহ থাকিলেও ৰাজ্যত শতাধিক বিদেশী ন্যায়াধীকৰণ আছে যদিও কোনো ন্যায়াধীকৰণত বিচাৰ নকৰাকৈয়ে বহু লোকক অনাহকতে আটক কৰা হৈছে। আনকি তথাকথিত সন্দেহযুক্ত নাগৰিকসকলক নিশাৰ ভাগত আটক কৰি হাত কেৰেয়া লগাই বান্ধি ৰখা বুলিও অভিযোগ উঠিছে। এয়া সম্পূৰ্ণ আইনবিৰোধী, সংবিধানবিৰোধী কাৰ্য আৰু মানৱাধিকাৰ লংঘনৰ উদাহৰণ। আনহাতে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ তথা নিৰীক্ষণত উন্নীতকৰণ কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) খনকো আজিকোপতি সূচিত কৰি বৈধতা প্ৰদান কৰা নাই। সেয়ে এনআৰচিত নাম থকা লোক আৰু ‘ডি’ ভোটাৰসকলকো আটক কৰা হৈছে। তদুপৰি ‘ডি’ ভোটাৰসকলক জধেমধে আটক কৰি গোৱালপাৰাৰ ‘ডিটেনছন চেন্টাৰ’ত অন্যায়ভাৱে আৰু এক কদৰ্যময় পৰিৱেশত আবদ্ধ কৰি ৰখা হৈছে। ইপিনে কেন্দ্ৰীয় চৰকাৰে বিদেশী চিনাক্ত আৰু বহিষ্কাৰৰ বিষয়ে উচ্চবাচ্য কৰি থাকিলেও এতিয়ালৈকে বাংলাদেশ চৰকাৰৰ সৈতে কোনো চুক্তি সম্পাদন কৰিব নোৱৰাৰ ফলত বাংলাদেশী বুলি প্ৰমাণিতসকলকো সেই দেশলৈ ওভোটাই পঠাব নোৱৰা হৈছে। চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে কেৱল সন্দেহৰ ভিত্তিত নাগৰিকক আটক কৰি হাৰাশাস্তি কৰা আৰু পূৰ্ববংগীয় মূলৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ মাজত এক ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰাৰ তীব্ৰ প্ৰতিবাদ কৰিছে। পাৰ্টিয়ে আইনী প্ৰক্ৰিয়াৰেহে বিদেশী চিনাক্তকৰণ সম্পন্ন কৰিবলৈ দাবী জনাইছে৷