কি নাম দিম
ইভা গন্ধীয়া ফুকন
কি এৰি আহিলো বাৰু
পূবে মেলি থৈ আহিলো নেকি খিৰিকীখন
পছিমে বন্ধ কৰি দুৱাৰ
আহ বুলিলেও
নোলায়
নিদিয়ে মাত
পুৰৈ বগোৱা দি বগাই গ’ল
এটি দুপৰীয়া
ঘন ঘন কৈ উশাহ লৈ
শিমলু জোপাত কোন বহি আছে
বগলী নে চিলা
তলমুৱা ওপৰমুৱা
একোকে নেদেখি
সপোন এটি পাৰ হৈ গ’ল
শিমলু বুটলি ফুৰা
এওঁ কোন ৰূপহী
নেচায় কালৈকো
গুণগুণাই কিবা এটা গায়
ফাগুনৰঙী হৃদয়ত
বসন্তৰ বা
শব্দৰ বৰ্ণাঢ্য কোলাহলে
কঢ়িয়াই আনে সুমধুৰ মাত
কি নাম দিম তাইক।