বিষাদ সময়
ৰামেশ্বৰ নাথ
গহিয়া,বৰপেটা
শব্দৰ বজ্ৰ কণ্ঠত
অনুভৱৰ ঠেহ বোৰে
মোক বৰকৈ আমনি কৰিছে ।
কৰ্ম ব্যস্ততা আৰু সময়ৰ তাগিদাত
অনুভৱক অকলশৰীয়া কৰাৰ অভিযোগ ।
কথাষাৰ একেবাৰেই মিছা নহয়
বহুদিন হ’ল শব্দৰ মুকুতা বুটলি
অনুভৱৰ মালা গুঠা নাই ।
নাই লিখা সাহিত্যৰ ভাষাৰে
কবিতা কবিতা লগা মোৰ অনুভৱ ।
সময়ৰ তাগিদাত
হাতত তুলি ল’ব পৰা নাই কলম ।
কল্পনাৰ ৰং তুলিকাৰে
অংকন কৰিব পৰা নাই
মনৰ মাজত সাঁচি ৰখা প্ৰতিচ্ছবি।
উকা পৃষ্ঠাৰ বিষাদে মন দহিছে
গোমা হৈ পৰিছে মোৰ মনৰ আকাশ ।
বজ্ৰ কণ্ঠে ঢেৰেকণি
মেঘৰ মাজত মাদল বজাই
উন্মাদ নৃত্য কৰিছে ।
বিষাদৰ ৰজনীগন্ধাই
বিফলতাৰ মুখ দেখি
অট্টহাস্যৰে উপলুঙা কৰিছে ।