মাতৃৰ গুৰুত্ব আৰু কিছু কথা
বাহাৰুল ইছলাম (শিক্ষক)
বালিজান, মৰিগাঁও
“মা-
সৰগৰ এটি শব্দ
য’ত আছে জীৱনৰ মাদকতা
সৃষ্টিৰ কাৰেংত ৰঙীন আবিৰ সানি
সৃষ্টিৰ শ্ৰেষ্ঠ উপহাৰ
নদন-বদন পুষ্প কাননত শীতল এচাটি মাত
যি মাতে কঢ়িয়াই
আশা আৰু সপোন
জীৱনৰ অমৃত আৰু শান্তি।
মা-
জগতৰ এটি বিস্ময়কৰ মাত
যি শব্দ আৰু অৰ্থৰ সাৰ্থক বচন
বিনন্দীয়া জগতৰ সৰ্বশ্ৰেষ্ঠ সম্পদ
যাৰ মৌসনা মিঠা মাতে
হ্ৰাস কৰে যন্ত্রণা, লাঘৱ কৰে চকুলো।”
এগৰাকী মাক হ’ল সন্তানৰ বাবে ঈশ্বৰ প্ৰদত্ত আটাইতকৈ শ্ৰেষ্ঠ উপহাৰ, যাৰ জৰিয়তে আলসুৱা জগতখনত বিচৰণ কৰিবলৈ সক্ষম হয়। নিশ্চিতভাৱে সকলোৰে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহ গৰাকীয়েই মৰমৰ মা। আপোন সন্তানৰ বাবে তাইৰ সুখ শান্তি আনকি সৰ্বোচ্চ ত্যাগ কৰিব পাৰে। আন কোনেও তেওঁলোকৰ সন্তানৰ যত্ন ল’ব নোৱাৰে যিদৰে এগৰাকী মাতৃয়ে কৰে। অত্যন্ত দায়িত্বশীল মহিলা হ’ল মা। শিশু এটিৰ গৰ্ভত থকা অৱস্থাৰ পৰা জন্ম হোৱালৈকে ভোগ কৰে অনেক যাতনা। লালন-পালনত এক অনন্য গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেয়া নকলেও সকলোৱে বুজি পাওঁ।মায়ে শিকোৱা নৈতিক মূল্যবোধে সম্ভৱতঃ এক ডাঙৰ ভূমিকা পালন কৰে। প্ৰতিজন ব্যক্তিৰ জীৱনত যাৰ প্ৰভাৱ আটাইতকৈ বেছি, মাকৰ বাহিৰে সেয়া আন কোনো হ’ব নোৱাৰে।
“মা-
এটি বচন
য’ত আছে আৰ্শীবাদৰ খনি, ৰোগৰ দৰৱ
যাৰ পৰশত প্ৰাণ পাই উঠে জগত
শীতল কোলাত আছে পৰম মায়া,গভীৰ স্নেহ।”
আমেৰিকাৰ ভূতপূর্ব ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে কৈছিল– ‘All that I am, or hope to be, I owe to my angel mother.’ অৰ্থাৎ মই যি আছোঁ বা হৈছোঁ আশা কৰোঁ,মই মোৰ দূত স্বৰূপ মাকৰ ওচৰত ঋণী।
একেদৰে জৰ্জ ৱাশ্বিংটনে মাতৃৰ বিষয়ে লিখিছিল– ‘My mother was the most beautiful woman I ever saw. All I am I owe to my mother. I attribute all my success in life to the moral, intellectual and physical education I received from her.’ অৰ্থাৎ মোৰ মা আছিল মই দেখা আটাইতকৈ ধুনীয়া মহিলা। মই মাত্ৰ মোৰ মাৰ ওচৰত ঋণী। জীৱনত মোৰ সকলো সফলতাৰ কাৰণ তাইৰ পৰা পোৱা নৈতিক, বৌদ্ধিক আৰু শাৰীৰিক শিক্ষাৰ বাবেই।
লিঅ’নাৰ্ডো ডিকাপ্ৰিঅ’ই কৈছিল– ‘My mother is a walking miracle.’ সঁচাকৈয়ে মা যেন এক আশ্চৰ্য, এক চমৎকাৰ৷
হজৰত মোহাম্মদ (ছ:) কৈছিল, “Do good and serve your mother. Then your mother, then your mother, and then your father. ” অৰ্থাৎ ভাল কাম কৰা আৰু মাৰ সেৱা কৰা। তাৰ পিছত তোমাৰ মা, তাৰ পিছতো তোমাৰ মা, আৰু তাৰ পিছত তোমাৰ দেউতা।
এগৰাকী মাতৃ হ’ল সন্তানৰ বাবে প্রথম গুৰু, অভিভাৱক,মৰম-স্নেহৰ উৎস স্বৰূপ। প্ৰতিজন ব্যক্তিয়ে প্ৰায়ে বৃদ্ধ বয়সলৈকে তেওঁলোকৰ মাতৃৰ মূল্যবোধ মনত ৰাখে। সেয়েহে, সমাজৰ কল্যাণৰ বাবে মাতৃ দায়বদ্ধ। সমাজৰ ভৱিষ্যত এক বৃহৎ প্ৰকাৰে এগৰাকী মাতৃৰ শিক্ষাৰ ফলাফল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এগৰাকী মাতৃয়ে যোগাযোগ অবিহনে তেওঁৰ কেঁচুৱা সন্তানক বুজিব পাৰে। অৰ্থাৎ সন্তানৰ ইচ্ছা-অনিচ্ছা, আচাৰ-ব্যবহাৰ,ৰুচি-অভিৰুচি আদিবোৰ মাকতকৈ বেছি আন কোনেও নাজানে। সেয়েহে হয়তো কোৱা হয়, “A mother is the first teacher of a child and a mother is better than 100 teachers ” পৰিয়ালৰ সদস্যসকলে নিশ্চিতভাৱে চিন্তা নকৰাকৈ মাতৃসকলক তেওঁলোকৰ আৱেগ ক’ব পাৰে। প্ৰায় যিকোনো গোপনীয়তা মাকক ভাগ-বতৰা কৰিব পাৰে কাৰণ মাকতকৈ বিশ্বাসী জগতত আন কোনো নহয়। মাতৃ সকল সাধাৰণতে অত্যন্ত ক্ষমাশীল বাবে ন্যায়-অন্যায় যিকোনো কথা শ্বেয়াৰ কৰিব পাৰে।এগৰাকী মাতৃয়ে সন্তানৰ বাবে যিখিনি কৰে অথবা যিখিনি ত্যাগ স্বীকাৰ কৰে তাৰ তুলনাত আমি সন্তানে সৰ্বোচ্চ কৰিলেও পৰিশোধ কৰাটো সম্ভৱ নহয়।কোৱা হয়,গৰ্ভৰ বন্ধনতকৈ শক্তিশালী আন কোনো বন্ধন নাই। আৰু আমাৰ মায়েই আমাক চৰ্তহীনভাৱে ভাল পায় যিটো কোনেও কেতিয়াও নকৰে বা কৰিব নোৱাৰে।
” মা-
এটি অবাধ চিনাকি নাম
যি সঁচাকৈয়ে কোমল আৰু নিকা
হৃদয়ত গভীৰ ঝংকাৰৰ সৃষ্টি কৰে
নিৰ্মল হয় কপটতা
স্বচ্ছ হয় কলুষিত আত্মা।
মা-
ককবকাই থকা বিষাদৰ সাগৰত নিগৰা এটি শব্দ
যাৰ হৃদয়ত আছে সাগৰ সম মৰম
গগণ সম দয়া
ওৰেটো জীৱন উচৰ্গা কৰিব খোজে
কেৱল সন্তানৰ পক্ষে।”
এনে এগৰাকী মাক বাৰু কেনেকৈ ৰাখিব পাৰি বৃদ্ধ আশ্রমত, কৰিব পাৰি কেনেকৈ অৱহেলা। যাৰ প্ৰতিটো মুহূর্ত, প্ৰতিটো ক্ষণ পাৰ হয় কেৱল মাত্ৰ সন্তানৰ হকে। সাম্প্রতিক বৃদ্ধ আশ্রমবোৰ সু-সজ্বিত হৈছে। এগৰাকী মাক সম্পূর্ণ সক্ষম কেইবাজনো সন্তানক লালন-পালন কৰিবলৈ কিন্তু কেইবাজনো সন্তানে প্ৰায়ে নোৱাৰে কেৱলমাত্ৰ এগৰাকী মাকৰ লালন-পালন কৰিবলৈ । দুখজনক হ’লেও বাস্তৱ সত্য এয়া। সন্তানৰ হাতত মাতৃৰ মৃত্যু হোৱা ঘটনাও নোহোৱা নহয়, সন্তানৰ যন্ত্রণাত আলসুৱা ঘৰ এৰি মগনীয়া হোৱা ইত্যাদি ইত্যাদি। এই অৱহেলা কৰাৰ মূলতঃ অনেকেই বোৱাৰীক জগৰীয়া কৰে কিন্তু সেয়াও সম্পূর্ণ সত্য নহয়। সন্তানৰ আপোন মাকৰ সেৱা কৰাৰ মনোভাৱ থাকিলে কেতিয়াও বোৱাৰী হেঙাৰ নহয়। অৱশ্যে বোৱাৰীয়ে শাহুৰীক আপোন মা আৰু মাক গৰাকীও কিছু ক্ষেত্রত বোৱাৰীক আপোন কন্যা হিচাপে হৃদয়েৰে মানি ললেহে এখনি ঘৰত প্ৰকৃত শান্তি প্ৰতিষ্ঠা হয়। পুনৰাবৃত্তি নহওক পৱিত্ৰ বন্ধনত কলংকৰ দাগ। ওৰ পৰক কলংকিত অধ্যায়ৰ। শেষত দুটি স্তৱকেৰে সামৰিলোঁ।
“মা-
এটি অসাধাৰণ নাম
যি উচ্চাৰিত হয় আপোনা-আপুনি
স্বাধীন আৰু মুক্ত
প্ৰভাৱিত কৰে
জীৱনৰ পাতনি কিম্বা অন্তিম বেলালৈ।
মা-
এটি বন্ধন
যি নহয় অন্ত কদাপি
সৰ্বদা কামনা কৰে বিকাশ
আৰ্শীবাদ কৰে জী থকালৈ
আনকি বৃদ্ধাশ্রমত থাকিও।”