স্থূলতা (Obesity) কি? স্থূলতা (Obesity) কোনো ধৰণৰ ৰোগ নে কোনো যন্ত্ৰ বা আন কিবা বস্তু? ‘স্থূলতা’ (Obesity) শব্দটো শুনিলে আমি সাধাৰণতে সকত বা বেছি ওজন থকা মানুহৰ কথা ভাবো। কিন্তু আচলতে স্থূলতা (obesity) কেৱল বাহিৰৰ ৰূপৰ বিষয় নহয়; ই এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা, যিয়ে মানুহৰ দৈনন্দিন জীৱন আৰু মৃত্যুৰ স্বাস্থ্যত প্ৰভাৱ পেলায়।
সাধাৰণতে কোৱা হয় যে স্থূলতা (obesity) নিজে কেৱল বেমাৰ নহয়, কিন্তু ইয়াৰ ফলত বহু ধৰণৰ বেমাৰ হ’ব পাৰে। স্থূলতা (Obesity) হৈছে মানুহৰ শৰীৰত অত্যাধিক চৰ্বি সঞ্চিত হোৱা অবস্থা, যাৰ ফলত মানুহজন বহুতো শাৰীৰিক সমস্যাৰে বা অসুস্থতাৰে ভুগিব পাৰে। এই অৱস্থাটো সাধাৰণতে তেতিয়া হয় যেতিয়া মানুহে প্ৰয়োজনতকৈ অধিক খাদ্য বিশেষকৈ জাংক ফুড, তেলীয়া আৰু মিঠা খাদ্য আদি গ্ৰহণ কৰে আৰু শাৰীৰিকভাৱে সক্ৰিয় নাথাকে। স্থূলতা (Obesity) অন্য মুখ্য কাৰণসমুহ হ’ব পাৰে, নিয়মীয়া ব্যায়াম নকৰা, দীঘল সময় বহি থকা, কম নিদ্ৰা আৰু মানসিক চাপ।
Obesity থাকিলে মানুহে হৃদৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, লিভাৰৰ সমস্যা আদি গুৰুত্বপূৰ্ণ বেমাৰত পৰাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰি দৈনন্দিন জীৱনতো অসুবিধা হয় যেনে খোজ কঢ়া, দীঘল সময় কাম কৰা আদি। কেতিয়াবা এইসমুহে মানুহৰ মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায়, যেনে আত্মবিশ্বাস কমি যোৱা বা দুখ অনুভৱ কৰা।
কিন্তু ভাল কথাটো হৈছে, স্থূলতা (obesity) নিয়ন্ত্ৰণ কৰিব পৰা যায়। স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা, নিয়মীয়া ব্যায়াম কৰা যেনে খোজ কঢ়া, দৌৰা, যোগাভ্যাস, যথেষ্ট পানী খোৱা আৰু পৰ্যাপ্ত নিদ্ৰা লোৱা এইবোৰে বহু সহায় কৰে। লগতে, মানসিক চাপ কমোৱা আৰু স্বাস্থ্যকৰ জীৱনশৈলী বজাই ৰখাও অত্যন্ত প্ৰয়োজনীয়।
সেয়ে, স্থূলতা (obesity)ক অৱহেলা নকৰি, আৰম্ভণিৰ পৰাই সচেতন হোৱা অতি দৰকাৰ। সৰু সৰু সুস্থ অভ্যাসে আমাৰ শৰীৰ সুস্থ ৰাখিবলৈ সহায় কৰে আৰু উন্নত জীৱনযাপন কৰিবলৈ সহায়ক হয়।
