“ছাঁ” ৰ দৰেই – বনজিত দাস 

Pc Pinterest

“ছাঁ” ৰ দৰেই

বনজিত দাস 
ৰিহাবাৰী, বজালী  ।

তেওঁ মোক লগ ধৰে সন্তৰ্পণে
যেতিয়া নিসঙ্গতাই নেৰে,
আচলতে তেওঁ সুবিধাবাদীত ওস্তাদ
বিপদে যেতিয়া পিছত লাগে ।

পথ এৰি অবাটে গ’ল বুলি তেওঁ হাঁহে
তথাপি তেওঁ পথ নেদেখুৱায়,
তেওঁ বাৰু কেনে ধৰনৰ ধুৰন্ধৰ হ’ব
সময়ৰ শৰ মাৰিবও জানে ।

যেতিয়াই উপায়হীন দিশহাৰাত বন্দী
সংগোপণে সোমাই কোঠালিত,
বুকুখন বিষায় ভাৰাক্ৰান্ত নিঠৰুৱাত
তেওঁৰ অতপালিত হওঁ অতিষ্ঠ ।

সঁচাকৈ তেওঁ কেনেধৰণৰ হ’ব দগাবাজ
তেওঁক অনুমতিৰ নাই প্ৰয়োজন,
এতিয়া তেওঁৰ উপস্থিতিত সজাগ হমেই হম
তেওঁ মোৰেই বন্ধু “দুখ” ।