পেহেলগাম
বাহাৰুল ইছলাম (শিক্ষক)
বালিজান, মৰিগাঁও
বিবৰ্ণ দেহা, শুষ্ক নয়নে বহু কথাই ক’লে
নিস্তব্ধতাৰ নৈখনিত আৱদ্ধ
শোকৰ শব্দবোৰ,
সেউজসনা চোতালত ৰঙৰ মেলা
ক্ষণিকতে পৰিণত হ’ল তেজৰ খেলা
কাষতে শুই আছে তেজে ধোৱা স্বামী।
অনেক প্ৰত্যাশা বুকুত সাঁচি
নান্দনিক দৃশ্য উপভোগ কৰাই
জানো ভুল হ’ব পাৰে?
ধৰ্মক বাৰে বাৰে বেত্রাঘাত কৰা
মানৱতাক কলংক সনা
সেই দস্যকেইটা জানো মানুহ?
সিহঁতৰ জানো থাকিব পাৰে ধৰ্ম?
কিম্বা আছেনে সিহঁতৰ জী থকাৰ অধিকাৰ?
অমানুহৰ শাৰীত থকা সিহঁত কেইটা
জহন্নামৰ কীট
সন্ত্রাসী কোনোকালেই হ’ব নোৱাৰে মানুহ
মানুহ নহ’লে জানো হয় ধৰ্মপৰায়ণ?
ধৰ্মক ঠিকা দিছে কোনে?
ধৰ্মক কতবাৰ হত্যা কৰিছে
তাৰে লেখ-জোখ নাই।
সিহঁত আন্ধাৰৰ ভাঁজে ভাঁজে ভ্ৰমি ফুৰে
বাৰে বাৰে কলং সানিছে পৱিত্ৰ ক্বোৰআনকো
ক্বোৰআনৰ বচন-
“নিৰ্দোষী এজনক হত্যা কৰা মানেই
বিশ্বৰ সকলোকে হত্যা কৰাৰ সম পাপ,
নিৰ্দোষী এজনক ৰক্ষা কৰা মানেই
বিশ্বৰ সৱকে ৰক্ষা কৰাৰ সম পুণ্য কাজ।”
এতেকে অভিশপ্ত সেইজাক দুঠেঙীয়া
আলয়হীন অপৱিত্র নৰপিশাচ।