দেশত পুনৰ ভয়াবহ ৰূপত ক’ভিড-১৯
ৰঙিলী বাৰ্ত্তাসেৱা- দেশত পুনৰ ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড-১৯ৰ নতুন উপ-প্ৰকৰণক লৈ শংকাৰ কাৰণ নাই বুলি উল্লেখ কৰিলেও চীন আৰু এছিয়াৰ বিভিন্ন প্রান্তত এই ভাইৰাছৰ সংক্ৰমণ উদ্বিগ্নতাৰ কাৰণ হৈ উঠিছে। ভাৰততো ক’ভিড-১৯ৰ এনবি ১.৮.১ আৰু এলএফ.৭ প্ৰকৰণত আক্রান্ত লোক চিনাক্ত হৈছে। ভাৰতীয় ছাৰছ-ক’ভ-২ জেন ‘মিক কনছর্টিয়াম, চমুকৈ ইনছাক’গে প্রকাশ কৰা তথ্য অনুসৰি তামিলনাডু আৰু গুজৰাটত এনবি ১.৮.১ আৰু এলএফ. ৭ প্ৰকৰণত আক্রান্ত লোক চিনাক্ত হৈছে। ইপিনে ক’ভিড-১৯ৰ সাধাৰণ প্ৰকৰণত আক্রান্ত হোৱা লোকৰ সংখ্যাও দেশজুৰি বৃদ্ধি পাইছে। কেৰালা, মুম্বাই আৰু দিল্লীত ক’ভিড-১৯ৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধি পাই আছে। ৰাজধানী দিল্লীত এতিয়ালৈকে ২৩জন লোক ক’ভিডত আক্রান্ত হৈছে। তেনেদৰে কেৰালাত আক্ৰান্তৰ সংখ্যা ২৭৩জন। মুম্বাইতো অর্ধশতাধিক লোক এই ভাইৰাছটোত আক্রান্ত হৈছে। কর্ণাটক, অন্ধ্রপ্রদেশ, মহাৰাষ্ট্ৰ, কেৰালা, তামিলনাডুত মে’ মাহৰ প্ৰাৰম্ভতে ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা লোক চিনাক্ত হৈছে। ইতিমধ্যে উল্লিখিত ৰাজ্যসমূহক চিকিৎসালয়ত বিছনা, অক্সিজেন সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়াৰ পাছত দিল্লী, কেৰালা আৰু মুম্বাইতো স্বাস্থ্য বিভাগক চিকিৎসালয়ত বিছনা আৰু অক্সিজেন সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। সকলো চিকিৎসালয়ক এলার্ট হোৱাৰ নিৰ্দেশ দিয়া হৈছে। মহাৰাষ্ট্ৰৰ মুম্বাইৰ উপৰি থানেকে ধৰি বিভিন্ন অঞ্চলত শেহতীয়াভাৱে ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই আছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ক’ভিড চিনাক্ত হোৱা ৰাজ্যসমূহক সজাগ আৰু সতৰ্কতা গ্রহণ কৰিবলৈ নিৰ্দেশ দিছে।