বেদান্ত গ্ৰুপৰ অধ্যক্ষৰে বৈঠক মুখ্যমন্ত্ৰীৰ

বেদান্ত গ্ৰুপৰ অধ্যক্ষৰে বৈঠক মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা এডভান্টেজ আছাম-২.০ত বিনিয়োগকাৰীসকলে দিয়া প্রতিশ্রুতি সাকাৰ কৰিবলৈ দিল্লীত তৎপৰ হৈ পৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। ২৬ মে’ত উদ্যোগপতিসকলৰ সৈতে এজন এজনকৈ সুকীয়া বৈঠকত মিলিত হোৱাৰ পূৰ্বে দিল্লী ভ্রমণৰত মুখ্যমন্ত্রীজনে বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালা আৰু আই টি চি হোটেলছৰ পৰিচালন সঞ্চালক অনিল চাড্ডাৰ সৈতে নিজ চৰকাৰী বাসভৱনত আলোচনাত মিলিত হয়। সুকীয়া সুকীয়াকৈ হোৱা আলোচনাকালত দুয়োজন উদ্যোগপতিক এডভান্টেজ আছামত দিয়া বিনিয়োগৰ প্রতিশ্রুতি পালন কৰিবলৈ মুখ্যমন্ত্রী ড° শৰ্মাই অনুৰোধ কৰে। আলোচনাকালত বেদান্ত গ্ৰুপৰ অধ্যক্ষ আগৰৱালাই অসমৰ বিকাশৰ যাত্ৰাত সম্পূর্ণৰূপে দায়বদ্ধ বুলি মন্তব্য কৰে। ৰাজ্যৰ হাইড্ৰ’কার্বন খণ্ডত বেদান্ত গ্রুপে নিজৰ পৰিসৰ বৃদ্ধি কৰিবলৈ বৰকৈ আগ্রহী বুলি তেওঁ মুখ্যমন্ত্রী ড° শৰ্মাক অৱগত কৰে। নিজৰ মাধ্যমত মুখ্যমন্ত্রী ড° শর্মাই এই কথা জানিবলৈ দিয়ে। বেদান্ত গ্ৰুপৰ অধ্যক্ষৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত মুখ্যমন্ত্রী ড° শর্মাই আই টি চি হোটেলছৰ পৰিচালন সঞ্চালক অনিল চাড্ডাৰ সৈতে আন এক বৈঠকত মিলিত হয়। ৰাজ্যৰ আতিথ্য খণ্ডত বিনিয়োগৰ অৱকাশ সন্দৰ্ভত মুখ্যমন্ত্রী ড° শৰ্মাই চাড্ডাৰ সৈতে আলোচনা কৰে। অসমৰ পৰ্যটন উদ্যোগৰ সৈতে সংগতি ৰাখি আতিথ্য খণ্ডৰ ক’ত ক’ত বিনিয়োগ কৰিব পাৰি সেই সন্দৰ্ভত তেওঁৰ সংস্থাটোৱে বিবেচনা কৰি থকা বুলি চাড্ডাই মুখ্যমন্ত্ৰীক অৱগত কৰে। উল্লেখ্য যে দ্বিতীয়বাৰৰ বাবে আয়োজিত এডভান্টেজ আছামে অসমত আগন্তুক পাঁচ বছৰত ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিবলৈ সক্ষম হৈছিল। এইক্ষেত্রত মুখ্যমন্ত্রী ড° শর্মাই খোদ বিনিয়োগৰ প্ৰতিশ্ৰুতিবোৰ যাতে বাস্তৱত ৰূপায়িত হ’ব পাৰে তাৰ বাবে চোৱাচিতা কৰি আছে। উদ্যোগ স্থাপনৰ বাবে কেনেধৰণৰ চৰকাৰী উদ্‌গনি তথা ভূমিৰ প্রয়োজন সেই সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই বিনিয়োগকাৰীসকলৰ সৈতে কথা পাতি থকা বুলি চৰকাৰী বিবৃতিত প্রকাশ পাইছে। অহা ছয় মাহৰ বাবে ৰাজ্য চৰকাৰে সম্ভাব্য বিনিয়োগৰ প্ৰাৰম্ভিক ৰোডমেপ প্রস্তুত কৰি থকা হৈছে। বিবৃতিটোত উল্লেখ কৰা মতে, প্রতিশ্রুতি লাভ কৰা বিনিয়োগৰ ন্যূনতম এটা অংশও যদি বাস্তৱায়িত হয় তেনেহ’লে অসম কেৱল উত্তৰ-পূৰ্বাঞ্চলতেই নহয় সমগ্ৰ পূব ভাৰত নেতৃত্ব প্রদানকাৰী ঔদ্যোগিক হাবলৈ পর্যবসিত হ’ব।