পুনৰ ২০০বিধ ঔষধ-ইনজেকচন বাতিল চিডিএছচিঅ’ৰ

পুনৰ ২০০বিধ ঔষধ-ইনজেকচন বাতিল চিডিএছচিঅ’ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ চেন্ট্রেল ড্রাগছ ষ্টেণ্ডার্ড কন্ট্রোল অর্গেনাইজেচন (চিডিএছচিঅ’)-এ প্রায় ২০০বিধ ঔষধ-ইনজেকচন বাতিল কৰিছে। বাতিল হোৱা ঔষধসমূহৰ ভিতৰত জ্বৰ, চৰ্দি, কাহৰ পৰা আৰম্ভ কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ব্যৱহাৰ হৈ থকা পৰিচিত বহু দৰব আছে। অকল সেয়াই নহয়, তালিকাত আছে বিভিন্ন প্রসাধন সামগ্রীও। শেহতীয়াকৈ  বাতিল হোৱা ঔষধবোৰৰ প্ৰত্যেকবিধেই অতি পৰিচিত আৰু বহুলভাৱে ব্যৱহৃত ঔষধ। সেইবাবে চিডিএছচিঅ’ৰ তালিকা প্রকাশ পোৱাৰ লগে লগে সাধাৰণ জনতাই মূৰে-কপালে হাত দিবলগীয়া হৈছে। বাতিলৰ যি তালিকা প্রকাশ কৰা হৈছে তাত আছে ১৯৬বিধ ঔষধ, ইনজেকচন আৰু প্ৰসাধন সামগ্রী। উল্লেখনীয় যে সংস্থাটোৱে প্রতিমাহত বিভিন্ন ঔষধৰ গুণগত মান পৰীক্ষা কৰে। কোনবিধ দৰব কোনটো বেটছৰ, সেই দৰবে নির্দিষ্ট মান স্পৰ্শ কৰিব পাৰিছে নে নাই সেয়া পৰীক্ষা কৰি চোৱা হয়। ইয়াৰ পাছতে ঔষধ বিক্ৰীৰ ক্ষেত্ৰত অনুমতি দিয়ে সংস্থাটোক। প্রতি মাহতে দৰবৰ এনে তালিকা প্রকাশ কৰি আহিছে চিডিএছচিঅ’-এ। লক্ষণীয়ভাৱে দেশৰ বিভিন্ন দৰব প্ৰস্তুত কাৰখানাত অতি নিম্ন মানৰ দৰব প্রস্তুত হৈ থকা বুলি সঘনে অভিযোগ উত্থাপন হয়। এই অভিযোগবোৰৰ সত্যতা চিডিএছচিঅ’ৰ প্ৰতিবেদন প্রকাশ পোৱাৰ লগে লগে প্রমাণিত হয়।