১৩ বছৰৰ মূৰত ভাৰতৰ বিৰুদ্ধে এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাত বিজয় সাব্যস্ত কৰে শ্ৰীলংকাই

pc India Today

অনলাইন বাৰ্ত্তাসেৱা- শ্ৰীলংকাই তৃতীয়খন  টি-২০ মেচত ভাৰতক ৭ উইকেটত পৰাস্ত কৰে। তিনিখন খেলৰ এই শৃংখলাখন ২-১ ৰ ব্যৱধানত শ্ৰীলংকাই নিজৰ দখললৈ আনিবলৈ সক্ষম হয়।। ভাৰতে শ্ৰীলংকাৰ দলটোক ২০ অভাৰত ৮ উইকেটৰ বিপৰীতে ৮২ ৰাণৰ লক্ষ্য নিৰ্ধাৰন কৰি দিছিল। এয়া হৈছে ভাৰতৰ বৰ্তমানলৈকে শ্ৰীলংকাৰ বিৰুদ্ধে সৰ্বনিম্ন টি-২০ স্কোৰ । ১৩ বছৰৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এইখনেই প্ৰথম শৃংখলা য’ত ভাৰতে পৰাজয় বৰণ কৰে। উল্লেখযোগ্য যে, ভাৰতৰ বিৰুদ্ধে শ্ৰীলংকাৰ এইখন প্ৰথম টি-২০ শৃংখলা জয়।

(UD.)