পলাশবাৰীত সন্ধ্যা আইন জাৰি কৰি বন্যহস্তী খেদা অভিযান
সন্ধ্যা আইন অমান্য কৰি বহু ব্যৱসায় প্ৰতিষ্ঠান,দোকানপোহাৰ খোলা ৰখাৰ অভিযোগ
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত গা লৰিল প্ৰশাসনৰ ৷ যোৱা চাৰি-পাচ বছৰ ধৰি পলাশবাৰীৰ বিভিন্ন অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে। এই অঞ্চলটোত হাতীৰ মুক্ত বিচৰণৰ ফলত বহুসংখ্যক মানুহৰ সা- সম্পত্তি বিনষ্ট হয় ৷ যোৱা ১৬ মে শুক্ৰবাৰে অশোক দাস নামৰ এজন স্নাতক ডিগ্ৰীধাৰী উদ্যমী ব্যক্তিয়ে বনৰীয়া হাতীৰ গচকত মৃত্যুক সাবতিব লগা হৈছিল ৷ ফলত বহু দলসংগঠন আৰু স্থানীয় ৰাইজে বন্যহস্তী কেইটাক জনাঞ্চলৰ পৰা বনাঞ্চলৈ খেদি পঠিয়াবলৈ চৰকাৰক আহ্বান জনাই ৷যাৰ পৰিপেক্ষিতত যোৱা ২২ মে বৃহস্পতিবাৰ বিয়লি ৩ বজাৰ পৰা ২৩ মে শুক্ৰবাৰ আবেলি ৫-৩০ বজালৈ কামৰূপ জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে পলাশবাৰীৰ বিভিন্ন অঞ্চলত সন্ধ্যা আইন জাৰি কৰি বন্যহস্তী খেদা অভিযান আৰম্ভ হয় ৷ বনবিভাগ,আৰক্ষী প্ৰশাসন,আৰু হাতী খেদা বিশেষজ্ঞ দললৈ পলাশবাৰীৰ ভাগৱতী পাৰাৰ পৰা ৰাণী পাহাৰলৈ হাতী খেদি পঠিওৱা অভিযান আৰম্ভ হয় ৷ সন্ধ্যা আইন চলি থকা সময়ত জনসাধাৰণক নিৰাপদ স্থানত অৱস্থান কৰাৰ কথা অৱগত কৰা হৈছিল,লগতে দোকানপোহাৰ,ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ আছিল যদিও জনসাধাৰণে সন্ধ্যা আইনৰ নীতি অবজ্ঞা কৰা দেখা যায়,বহু ব্যৱসায় প্ৰতিষ্ঠান খোলা থকা দেখা যায় ৷ প্ৰশাসনে হাতীৰ লগতে মানুহবোৰকো খেদিবলৈ বাধ্য হয় ৷ আনহাতে বিয়লি ৫ বজাৰ পৰা ভাগৱতী পাৰাৰ পৰা আৰম্ভ হোৱা অভিযানত হাতী কেইটা খেদি খেদি ৰঙামাটি,মাগুৰপাৰা,সৰপাৰা,পাৰাকুচি,মনিয়াৰী হৈ নিশা ৯-৩০ বজাত মিৰ্জাৰ জামৰতলত অভিযানকাৰী উপস্থিত হয় ৷ অভিযানকাৰী প্ৰত্যক্ষদৰ্শীয়ে প্ৰায় চাৰিটা হাতী খেদিবলৈ সক্ষম হৈছে বুলি জানিব দিছে ৷নিশা মনিয়াৰীৰ ৰেলপথত ৰেল অহা বাবে খেদি অনা হাতী কেইটা ৰাণী পাহাৰৰ সলনি মিৰ্জাৰ মালিয়াটা পাহাৰত নিশা ১২-৩০ বজাত প্ৰৱেশ কৰে ৷ পৰৱৰ্তী দ্বিতীয় পৰ্যায়ত হাতী কেইটা মালিয়াটা পাহাৰৰ পৰা ৰাণী পাহাৰলৈ খেদি নিয়াৰ ব্যৱস্থা কৰিব বুলি প্ৰশাসনে জানিব দিয়ে ৷ পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়াই এই অভিযানত আগভাগ লয় ৷ উল্লেখযোগ্য উক্ত অভিযানকলৈ সচেতন ৰাইজে প্ৰশাসনক প্ৰশংসা কৰিছে যদিও লগতে বহু প্ৰশ্নও উথাপন কৰিছে ৷ হাতীকেইটাক যদিও পাহাৰলৈ খেদি পঠিওৱা হয়,সিহঁতে আৰু জনাঞ্চলত প্ৰৱেশ নকৰিবনে? যদি পাহাৰলৈ খেদি পঠিওৱাৰ সলনি হাতীকেইটাক ট্ৰেংকুইলাইজ কৰি কাজিৰঙাৰ অথবা মানস অভয়াৰণ্যলৈ প্ৰেৰণ কৰা হলহৈ তেতিয়া হ’লে ৰাইজ বেছি উপকৃত হলহেঁতেন ৷