বৃহত্তৰ কামৰূপ মহানগৰ ভূমি সুৰক্ষা সমিতিৰ সংবাদ মেল

বৃহত্তৰ কামৰূপ মহানগৰ ভূমি সুৰক্ষা সমিতিৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহত্তৰ কামৰূপ মহানগৰ ভুমি সুৰক্ষা সমিতিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত দক্ষিণ কামৰূপ ট্ৰাইবেল্টৰ ভূমি, বনিক গোষ্ঠীৰ অবৈধ বেদখল মুক্ত কৰাৰ দাবীত এখন সংবাদ মেল অনুষ্ঠিত কৰে। উক্ত সংবাদ মেলত তেওঁলোকে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জনজাতীয় এলেকাত হোৱা বেদখল সংক্ৰান্তত কয় যে, জনজাতীয় খণ্ড আৰু আবেষ্টনিত অসংৰক্ষিত শ্ৰেণীৰ লোক সকলৰ উচ্ছেদ সম্পৰ্কত লোৱা পদক্ষেপক তেওঁলোকে আদৰণি জনায়। কিন্তু এই জমিত বণিয়া গোষ্ঠীৰ ৰাজদ্বীপ দাস নামৰ লোক এজনে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি দাবী কৰি ৪০/৫০ জনীয়া ভেৰোনিয়া গুণ্ডা বাহিনী লৈ আপ্ৰান চেষ্টা কৰিও স্থানীয় জনজাতি লোকৰ বাবে দখল কৰিব পৰা নাই। এই কাৰ্য্যত কোনোবা তৃতীয় পক্ষ জৰিত হৈ আছে। গতিকে তেওঁলোকে ইয়াৰ উচিত তদন্ত দাবী কৰে। দ্বিতীয়তে, সেই অঞ্চলৰ সৰুতাৰি ৰাজহ গাঁৱৰ ৩০ নং পট্টাৰ ৩৫ নং দাগৰ ১৫ বিঘা মাটি এটি কোম্পানীৰ নামত সুৰেন্দ্ৰ কুমাৰ মিট্টাল আৰু দিলীপ বানচাল নামৰ দুজন ব্যক্তিয়ে বেদখল কৰি আছে। এই সন্দৰ্ভত স্থানীয় বিভাগ তথা চৰকাৰক বাৰম্বাৰ উচ্ছেদৰ বাবে দাবী জনাই অহাৰ পিছতো, আনকি মোকৰ্দমা পৰ্য্যন্ত চলি আছে, আজিলৈকে উচ্ছেদ হোৱা নাই। আজি তেওঁলোকে আটাইবোৰ সংগঠনে দাবী কৰে যে, এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই যদি অতি শীঘ্ৰে কোনো বিহিত ব্যবস্থা গ্ৰহণ নকৰে তেন্তে আটাইবোৰ সংগঠন একত্ৰিত হৈ তেওঁলোকৰ ভূমি সম্পদ সমূহ সংৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ডিমৰিয়া বাসি সকলো জাতীয় সংগঠনে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি সংবাদ মেলত প্ৰকাশ কৰে। আজিৰ সংবাদ মেলত উক্ত সমিতিৰ সভাপতি কুলেন বৰো, ডিমৰীয়া বৰো কছাৰী ছাত্ৰ সন্থাৰ সভাপতি যতীন্দ্ৰ মহিলাৰী, ডিমৰীয়া চাহ জনজাতি ভূমি সুৰক্ষা সমিতিৰ সভাপতি ৰাজু তাঁতী, টিৱা মহিলা সন্থাৰ সম্পাদিকা দয়ালী দেউৰী, সংযুক্ত বৰো গণ সংস্থাৰ সভাপতি দিগন্ত দৈমাৰী, সদৌ অসম জনজাতি মহাসংঘৰ ডিমৰীয়া জিলাৰ সভাপতি মানিক ৰহাং, বৃহত্তৰ কামৰূপ মহানগৰ ভূমি সুৰক্ষা সমিতিৰ সম্পাদক কমলেশ্বৰ ফাংচু কে আদি কৰি সাংবাদিক সহ প্ৰায় ৩৫ গৰাকী ব্যক্তি উপস্থিত আছিল।