দুখীয়া আদিবাসীক নিৰ্মম হত্যা কৰাত এছইউচিআইৰ নিন্দা

দুখীয়া আদিবাসীক নিৰ্মম হত্যা কৰাত এছইউচিআইৰ নিন্দা

ৰঙিলী বাৰ্ত্তাসেৱা-  ছত্তীছগড়ত একাউণ্টৰৰ নামত চি পি আই ( মাওবাদী)ৰ সাধাৰণ সম্পাদক সহ আৰু ২৬ জন আদিবাসী মানুহক হত্যা কৰাৰ তীব্ৰ নিন্দা জনাই এছ ইউ চি আই (কমিউনিষ্ট)ৰ সম্পাদক প্ৰভাস ঘোষে এক বিবৃতি যোগে কয় যে-কালি এনকাউণ্টাৰৰ নামত চি পি আই ( মাওবাদী) ৰ সাধাৰণ সম্পাদক সহ আৰু ২৬ জন দুখীয়া আদিবাসী মানুহক বিচাৰ বহিৰ্ভূতভাৱে শীতল মস্তিষ্কৰে হত্যা কৰা ঘটনাক তীব্ৰ নিন্দা জনায়৷চি পি আই- মাওবাদী গোষ্ঠীৰ লগত ভিন্ন মত পোষণ কৰা হয় যদিও এই ভয়ঙ্কৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়ে, যি কাৰ্যক গণতান্ত্ৰিক মনোভাৱাপন্ন কোনো মানুহেই মানি ল’ব নোৱাৰে। সকলো প্ৰগতিশীল মানুহক এই বিভৎস ঘটনাৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ বাবে আৰু প্ৰকৃত সত্য উদঘাটনৰ বাবে নিৰপেক্ষ তদন্তৰ দাবী তোলাৰ বাবে আহ্বান জনায় এছইউচিআয়ে৷