সাংবাদিক আৰু সংবাদ মাধ্যমৰ আস্থা ৰাইজৰ মাজত হ্ৰাস পাইছে নেকি ?
দেবর্ষি গৌতম, বনগাঁও
সাংবাদিক তথা সাংবাদিকতাক ভাৰতীয় সংবিধানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্য্যদা প্ৰদান কৰিছে। দেশৰ সংবিধানে প্ৰদান কৰা এই মৰ্য্যদাই সাংবাদিক সকলক এক গুৰু দায়িত্ব প্ৰদান কৰিছে। সাংবাদিক সকলে প্ৰতিটো ক্ষণতে সঁচা, শুদ্ধ আৰু নিৰপেক্ষ বাতৰি সাধাৰণ জনতাৰ ওচৰলৈ কঢ়িয়াই নিয়াটো এক নৈতিক দায়িত্ব। যিদৰে সংসদত ৰাইজৰ অভাৱ-অভিযোগ, ওজৰ-আপত্তি চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ বাবে এগৰাকী প্ৰতিনিধি থাকে ঠিক একেদৰে ৰাইজৰ সকলো ধৰণৰ কথা-বতৰা চৰকাৰ অথবা ৰাইজৰ প্ৰতিনিধি সকলৰ দৃষ্টিগোচৰ কৰিবলৈ সংবাদ মাধ্যম আৰু সাংবাদিক সকল এক মাধ্যম। সংবাদ মাধ্যমত সাংবাদিক সকলে লিখা অথবা প্ৰচাৰ কৰা বাতৰি সমূহৰ যোগেদি সাধাৰণ ৰাইজে যিকোনো ঘটনা-পৰিঘটনাৰ খবৰ লাভ কৰে। যিকোনো এটা খবৰ সংবাদ মাধ্যম আৰু সাংবাদিক সকলে কিদৰে প্ৰচাৰ কৰিব সেয়া তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে। যিদৰে সংবাদ মাধ্যমৰ জৰিয়তে এটা খবৰ প্ৰচাৰিত হব সেইদৰেই ৰাইজে গ্ৰহণ কৰিব আৰু সমাজত ক্ৰিয়া-প্ৰতিক্ৰিয়া হবলৈ আৰম্ভ হব। বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰচাৰিত খবৰৰ ওপৰত ভিত্তি কৰিয়ে বহু প্ৰতিবাদ হোৱা আমি দেখিবলৈ পাইছোঁ। এনে প্ৰতিবাদে বহু সময়ত চৰকাৰী যন্ত্ৰক সেও মানিবলৈ বাধ্য কৰোৱা উদাহৰণ অনেক আছে। গতিকে এইখিনিতে আমি এটা কথা স্পষ্টকৈ অনুভৱ কৰিব পাৰো যে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে আমাৰ সমাজখনক পৰিচালনা কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ যি ভূমিকা সেয়া কিন্তু অন্যতকৈ যথেষ্ট গধুৰ। আজিৰ দিনত সংবাদ মাধ্যম বুলি কোৱাৰ লগে লগে কিন্তু সংবাদ মাধ্যমৰ ক্ষেত্ৰখন এক বিশাল পৰিসৰত বিস্তাৰিত হোৱা পৰিলক্ষিত হৈছে। এটা সময় আছিল যিটো সময়ত কেৱল ছপা মাধ্যমে সংবাদ মাধ্যমক প্ৰতিনিধিত্ব কৰিছিল। তাৰ পিছত আহিল বৈদ্যুতিক মাধ্যম। ছপাৰ সমান্তৰালকৈ বৈদ্যুতিক মাধ্যমৰ জৰিয়তে সংবাদ মাধ্যমে ৰাইজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰাৰ সময়তে আকৌ আহিল বৈদ্যুতিক মাধ্যমৰ অন্য এটা সংযোজন সামাজিক মাধ্যমৰ জৰিয়তে সাংবাদিকতা অৰ্থাৎ পৰ্টেল। তথ্য প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ সময়ত সংবাদ মাধ্যমেও যথেষ্ট উন্নতিৰ দিশে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। উন্নত আৰু দ্ৰুত সংবাদ লাভ কৰা প্ৰক্ৰিয়াটোৰ প্ৰতি মানুহে ঢাল খোৱাটো এক স্বাভাৱিক অৱধাৰিত প্ৰক্ৰিয়া। বৰ্তমান সময়ত বৈদ্যুতিক মাধ্যম আৰু পৰ্টেল দুইটা সংবাদৰ প্ৰতি মানুহ অধিক আকৰ্ষিত হৈ পৰিছে। ছপা আৰু বৈদ্যুতিক মাধ্যমৰ বাবে কিছু নীতি-নিয়ম আছে। যি নীতি নিয়মৰ অধীনত পঞ্জীয়ন কৰিহে এই দুটা মাধ্যমে সংবাদ ৰাইজৰ বাবে প্ৰচাৰ কৰিব পাৰে। কিন্তু পৰ্টেলৰ বাবে এনে কোনো নীতি নিৰ্দেশনা বৰ্তমানলৈ নাই। ইয়াৰ ফলত পৰ্টেলৰ যি পৰিসৰ সেয়া অভাৱনীয় হাৰত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। বৰ্তমান সময়ত যিকোনো লোকে সামাজিক মাধ্যমত নিজাববীয়াকৈ একোটা পৰ্টেল খুলি নিজকে সাংবাদিক বুলি পৰিচয় প্ৰদান কৰাৰ অভিযোগ নিত্য-নৈমিত্তিক। এনে ঘটনা সংঘটিত হলেও কিন্তু দেশ তথা ৰাজ্যৰ বহু প্ৰতিষ্ঠিত সাংবাদিকেও নিজৰ স্বাধীনতাৰ বাবে পৰ্টেলৰ জগতখনকে বাছি লোৱা পৰিলক্ষিত হৈছে। নিজে স্বাধীনভাৱে বাতৰি পৰিবেশ কৰাৰ বাবে দেশ তথা ৰাজ্যখনৰ বহু সাংবাদিকে নিজা পৰ্টেলৰ জৰিয়তে সাংবাদিকতা কৰি আছে। বহু লোকে নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবেহে এনেধৰণৰ পৰ্টেল চলাই থকাৰ অভিযোগ বহুত পুৰণি। এনে অভিযোগৰ বাবেই বৰ্তমান সময়ত সংবাদ মাধ্যম আৰু সাংবাদিকৰ প্ৰতি ৰাইজৰ যি আস্থা সেয়া ক্ৰমান্বয়ে হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে। সাংবাদিক হিচাপে এগৰাকী ব্যক্তিৰ যি মৰ্য্যদা সেয়াও কিন্তু লাহে লাহে অৱনতি হোৱা পৰিলক্ষিত হৈছে। যদি সাংবাদিকতাৰ নামত ব্যৱসায় চলোৱা একাংশ সাংবাদিকৰূপী দালালক সাংবাদিকতাৰ ক্ষেত্ৰ খনৰ পৰা চিনাক্ত কৰি আঁতৰ কৰি দিয়া নহয় তেনেহলে প্ৰকৃততে তেজক পানী কৰি, দিন ৰাতি একাকাৰ কৰি সাংবাদিকতাৰ জগতখনক এক উচ্চ আসনত অধিষ্ঠিত কৰিবলৈ যিসকল সাংবাদিকে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে সেই চেষ্টাক কিন্তু দালালবোৰে কেতিয়াও সফল হবলৈ নিদিয়ে। যিদৰে এটা আলুৰ বস্তাত কেৱল মাত্ৰ এটা বেয়া আলু থাকিলে গোটেই আলুৰ বস্তাটো বেয়া হৈ যাব পাৰে ঠিক একেদৰে এক বৃহৎ পৰিসৰত বিস্তাৰিত হৈ থকা সাংবাদিক সমাজখনক কলুষিত কৰিবলৈও কিন্তু কেৱল মাত্ৰ নিৰ্দিষ্ট কিছু সংখ্যক লোকেহে অহৰহ চেষ্টা চলাই আছে। প্ৰকৃত সাংবাদিক সকলৰ মৰ্য্যদা, আত্মসন্মান, অধিকাৰ আদি কোনো কথালৈ সাংবাদিক ৰূপী দালালবোৰৰ ভ্ৰূক্ষেপ নাই। কেৱল মাত্ৰ নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰাটোহে সেইসকলৰ মূল লক্ষ্য। সাংবাদিক সকলে তেওঁলোকৰ প্ৰতি থকা ৰাইজৰ আস্থা সদায় জীয়াই ৰাখিবলৈ হলে কিছু পৰিমানে হলেও সজাগ আৰু সচেতন হবই লাগিব। ইয়াৰ উপৰিও এগৰাকী সাংবাদিকৰ মৰ্য্যদা আৰু আত্মসন্মান সদায় অটুট ৰখাৰ বাবে সাংবাদিক সকলে নিজেই স্বাৰ্থলোভী লোকসকলক ৰাজহুৱাকৈ পৰিচয় কৰাই দিয়াটো অত্যন্ত জৰুৰী। সাংবাদিক সকলে সদায় স্বাৱলম্বী হৈ গৌৰৱেৰে জীয়াই থাকিবলৈ হলে প্ৰথমে নিজৰ কৰণীয় খিনি নিজে কৰিবই লাগিব। মুষ্টিমেয় একাংশ লোকৰ বাবে যাতে সাংবাদিকতাৰ বৃত্তিটোত কোনো দাগ লাগিব নোৱাৰে তাৰ বাবে কিন্তু জ্যেষ্ঠ-কণিষ্ঠ প্ৰতিগৰাকী সাংবাদিকে একত্ৰিত হৈ এক জাগৰণ সৃষ্টি কৰাৰ সময় একেবাৰে সমাগত। এনে জাগৰণৰ জৰিয়তে ৰাইজৰ মাজত সাংবাদিকৰ গ্রহণযোগ্যতা আৰু বিশ্বাসযোগ্যতা বৃদ্ধি কৰাত যথেষ্ট সহায় কৰিব। সময়ৰ শৰ সময়ত নামাৰিলে কিন্তু সময়ৰ লগতে, পৰিবেশ আৰু পৰিস্থিতি কাৰো বাবে অপেক্ষা নকৰে।