পহেলগামৰ ভূ স্বৰ্গ  – বুলমণি বৰি

পহেলগামৰ ভূ স্বৰ্গ 

বুলমণি বৰি

পহেলগামৰ ভূ স্বৰ্গৰ সৌন্দৰ্য্যত
জীৱনৰ আছুতীয়া সময় উপভোগ কৰিবলৈ যোৱা
পৰ্যটকৰ ছাগে পূৰ্বানুমান মুঠেই নহ’ল
পহেলগামৰ সেউজীয়া পতাকাই
চিনাক্ত কৰিব খোজা
ৰাম আৰু ৰহিমৰ তেজৰ কথা
বিচাৰ কৰিব খোজা
পুৰুষাঙ্গগত ধৰ্মৰ চিনৰ কথা
যি ধৰ্মই
ৰহিমক জীৱন দি ৰামৰ
কেঁচা তেজেৰে কণ্ঠনলী তিয়াই
পাতিব খোজে
জীৱন সাফল্যৰ জয়োল্লাস
ক্ৰোধান্বিত আজিৰ এই জগত
মানৱজাতি উদ্ধাৰৰ বাবে
নৰসংহাৰকাৰীক ধ্বংস কৰিবলৈ
সমস্বৰে কৰা হওক আৱাসন
নিৰীহ লোকৰ ৰক্ত শুহি
সংঘাত সৃষ্টি কৰা
অদৃশ্য অস্পৰ্শা মুখবোৰ
জনমানসৰ পৰা বিচ্যুত ঘটাই
উভালি পেলোৱা হওক
বিকৃত মস্তিষ্কৰ মানসিক অন্তর্দ্বন্দ্বৰ
প্ৰস্তুতিৰ শিপা
নি: শেষ  কৰি পেলোৱা হওক
সেই ধৰ্ম
যি ধৰ্মৰ অপব্যাখ্যাই
ধৰ্মীয় বিষবাষ্পৰ উদ্ৰেগ ঘটাই
সৃষ্টি কৰে যুদ্ধৰ বিধ্বংসী ৰূপ
নিশ্ছিন্ন কৰি পেলোৱা হওক
পুৰুষাঙ্গত চিনাক্ত কৰিব খোজা  ধৰ্মৰ নীতি।