“এখন ঘৰ পুনঃ পুৰণি হ’ল”
দীপশিখা বৰা
কাৰ্বি-আংলং,বালিপথাৰ
এখন ঘৰ বহু পুৰণি হ’ল।
তাত থকা পৰিয়ালটো
আজি নাইকীয়া হ’ল।
কাৰোবাৰ বয়স হ’ল,
কাৰোবাৰ বেমাৰ হ’ল,
আৰু কাৰোবাৰ দুৰ্ঘটনাত মৃত্য হ’ল।
পু-নাতী/জী-নাতী বোৰো
চাকৰি বা আন কাৰণত ঠাই সলালে।
তেওঁলোকেও পাহৰি গ’ল
সেই ঘৰ খন।
তাত থকা জীৱ-জন্তুবোৰো
নাইকীয়া হ’ল।
আশাৰ হেপাঁহৰ ঘৰখন
ধন-দৌলত,সা-সম্পতি
আন কাৰোবাৰ অধীন হ’ল।
আপোন-পৰ মানুহবোৰ
চিন-চাব নোহোৱা হ’ল।
তাহানিৰ আপোন গাওঁ খনও
আজি ন-ৰূপ ললে।
,মানুহবোৰও সলনি হ’ল।
কিন্তু পুৰণি ঘৰখনৰ মানুহবোৰ লোভ,মোহ,অহংকাৰ ,গৌৰৱ
আৰু সৰ্ব শৰীৰ এৰি
মাটিৰ লগত মিলি গ’ল।
ঘৰখন হাবি বন গজিল।
লতাবোৰেও মেৰিয়াই ধৰিলে।
প্ৰকৃতিয়ে সকলোবোৰ ঢাকি পেলালে।
পুনৰ একেই নিয়মত
দিন গ’ল ৰাতি হ’ল।
নতুন পুৱাৰে আৰম্ভ হ’ল জীৱন।
পুনঃ এখন ঘৰ পুৰণি হ’ল।