শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতি, অসমৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন::ল’ নাথ চৌখাম সভাপতি,হলিৰাম ফুকন সম্পাদক নিৰ্বাচিত
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত শ্রীশ্রী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত মহাপুৰুষ শ্রীশ্রী অনিৰুদ্ধদেৱৰ ৪৭৩ সংখ্যক আবির্ভাব তিথি আৰু শ্রীশ্রী অনিৰুদ্ধদেৱ সেৱা সমিতি, অসমৰ পঞ্চম দ্বি-বার্ষিক অধিৱেশনখনি সফলতাৰে অনুষ্ঠিত হয়। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, মাধৱদেৱ, গোপালদেৱৰ পৰৱৰ্তী ধৰ্মসংস্কাৰক, সাহিত্যিক, গীতিকাৰ তথা মায়ামৰা ধৰ্মৰ প্ৰৱর্তক শ্রীশ্রী অনিৰুদ্ধদেৱে প্ৰায় পাঁচশ বছৰৰ পূর্বেই মানৱীয় আদর্শ অদ্বৈতবাদ, সাম্যবাদ স্থাপনৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল। এইগৰাকী মহাপুৰুষৰ অমূল্য অবদানক সাৰোগত কৰি মহাপুৰুষ শ্রীশ্রী অনিৰুদ্ধদেৱৰ কৰ্ম, আদৰ্শক সমাজত প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে ১৯৯৬ চনত শ্রীশ্রী অনিৰুদ্ধদেৰ সেৱা সমিতি, অসমৰ প্রতিষ্ঠা কৰা হৈছিল। শ্রীশ্রী অনিৰুদ্ধদেৱ সেৱা সমিতি অসমৰ দ্বাৰা ডিব্ৰুগড়ৰ বৈৰাগীমঠত শ্রীশ্রী অনিৰুদ্ধদেৱ কণিষ্ঠ মহাবিদ্যালয় আৰু এখন প্রাক প্রাথমিকৰ পৰা উচ্চ মাধ্যমিক পর্যায়লৈ শিক্ষানুষ্ঠান স্থাপন কৰি শিক্ষা প্রদান কৰি থকা লগতে বিভিন্ন সামাজিক কাম কাজৰ জৰিয়তে কৰ্ম সম্পাদন কৰি আছে। এই উদ্দেশ্যে দিনজোৰা কাৰ্যসূচীৰে শ্রীশ্রী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত শ্রীশ্রী অনিৰুদ্ধদেৱৰ ৪৭৩ সংখ্যক আবির্ভাৱ তিথি আৰু শ্রীশ্রী অনিৰুদ্ধদেৱ সেৱা সমিতি, অসমৰ পঞ্চম দ্বি-বার্ষিক অধিবেশনখন উপলক্ষে পুৱা কাৰ্যকৰী সভাপতি চান্দ কুমাৰ গোহাঁইয়ে বৃক্ষ ৰোপন আৰু অনিৰুদ্ধদেৱ সেৱা সমিতিৰ সভাপতি ল’নাথ চৌখামে পতাকা উত্তোলন কৰে। সাধাৰণ সম্পাদক হলিৰাম ফুকনে স্মৃতি তৰ্পণ কৰাৰ পাছত ভাগৱত থাপনা আৰু ভকত সকলৰ দ্বাৰা ভাগৱত পাঠ কৰা হয়।সমূহীয়া সেৱা গ্ৰহণ কৰাৰ পাছতে আবেলি প্ৰতিনিধি সভা আৰু মুকলি সভাত সভাপতি ল নাথ চৌখামৰ সভাপতিত্বত অনুষ্ঠিত হয়।সাধাৰণ সম্পাদক হলিৰাম ফুকনে প্ৰতিবেদন পাঠ কৰে আৰু প্ৰতিনিধি সভাই গৃহীত কৰে।বিগত সময়চোৱাত সেৱা সমিতিয়ে কৰা বিভিন্ন কাম কাজৰ ওপৰত আলোচনা কৰা হয় আৰু সেৱা সমিতিক সমগ্ৰ অসমতে বিস্তাৰিত কৰি গুৰুজনাৰ আদৰ্শ প্ৰচাৰ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা লগতে প্ৰতিখন জিলাত শাখা গঠন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।এই প্ৰতিনিধি সভাতে পূৰ্বৰ সমিতিৰ সভাপতি ল নাথ চৌখাম আৰু হলিৰাম ফুকনক পুনৰ সভাপতি সম্পাদক হিচাপে আগন্তুক কাৰ্যকালৰ বাবে সৰ্বসন্মত ভাবে নিৰ্বাচন কৰে।ইয়াৰ পাছতে মুকলি সভা অনুষ্ঠিত হয়।উপদেষ্টা তৰুণ গগৈ,গোপী দিহিঙ্গীয়া,হিৰণ্য সেনাপতি,থিৰেশ্বৰ গোহাঁই, চান্দ কুমাৰ গোহাঁই প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থকা মুকলি সভাত সভাপতি ভূষণ জ্যোতি সন্দিকৈ, সম্পাদকদ্বয় যাদৱ গগৈ আৰু প্ৰাঞ্জল প্ৰাত্ৰৰ সম্পাদনাত প্ৰকাশিত স্মৃতি গ্ৰন্থ মায়ামৰা উন্মোচন কৰে অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক,লেখক কৌনজ শইকীয়াই।উদয় শংকৰ মহন,যতীন দিহিঙ্গীয়া উদয়ন গগৈ, মাধুৰ্য বৰুৱাকে ধৰি সেৱা সমিতি,আৰু মহাবিদ্যালয় খনৰ কৰ্মকৰ্তা সকলৰ সহযোগত সফলতাৰে সম্পন্ন হোৱা অধিবেশনখনি পতাকা অৱনমনেৰে সমাপ্ত হয়।