শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহপ্ৰৱেশৰ শুভাৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ, গ্ৰামীণ বিকাশ মন্ত্ৰণালয়ৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নৱনিৰ্মিত ৫৫,০০০ টা প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ গৃহত গৃহপ্ৰৱেশৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে পুনৰবাৰ অসমৰ বাবে নতুন ৩,৭৬,০৭৫ টা প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) ৰ গৃহৰ আবণ্টন পত্ৰ মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে ৷ ইয়াৰোপৰিও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত ‘লখিমী মিস্ত্ৰী’ৰ জৰিয়তে গ্ৰাম্য মহিলাসকলক সবলীকৰণ আৰু তেওঁলোকক দক্ষতা প্ৰদানৰ বাবে এক নতুন আঁচনি আজি আৰম্ভ কৰা হয়। এই পদক্ষেপে মহিলা ৰাজমিস্ত্ৰীক প্ৰশিক্ষণ দিব আৰু তেওঁলোকক আৰ্থিকভাৱে সবল কৰাই নহয়, ৰাজ্যখনৰ দক্ষ শ্ৰমিকক অধিক সুযোগ সৃষ্টি কৰিব৷ অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰৱ ৰণজিৎ কুুমাৰ দাস,কৃষি মন্ত্ৰী অতুল বৰা, মাননীয়া সাংসদ বিজুলী কলিতা মেধি, ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব ড° জে বি এক্কা, আয়ুক্ত কীৰ্তি জল্লীকে প্ৰমুখ্যে কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷