আদমপুৰ বায়ুসেনা ঘাটি পৰিদর্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ বৃহৎ বিজয়ৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পঞ্জাবৰ আদমপুৰ বায়ুসেনা ঘাটি পৰিদর্শন কৰে। বায়ুসেনা ঘাটি পৰিদৰ্শন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অপাৰেচন সিন্দূৰৰ সফলতাত গুৰুত্বপূর্ণ ভূমিকা লোৱা বায়ুসেনাৰ বিষয়া-জোৱানৰ সৈতে বার্তালাপ কবে। বায়ুসেনাক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে পাকিস্তান আৰু পাকিস্তানী সন্ত্রাসবাদীক কঠোৰ সকীয়নি প্রদান কৰে। পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্রাসবাদীৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিক প্রাধান্য দি প্রধানমন্ত্রী মোদীয়ে কয়- আমি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মাৰিম।পাকিস্তানী সেনাৰ লক্ষ্য আদমপুৰ বায়ু ঘাটিত প্রধানমন্ত্রী মোদীয়ে সন্ত্রাসবিৰোধী অভিযানৰ সফলতা সন্দর্ভত মন্তব্য কৰি কয়- আমি শত্রুক ধূলিৰ সৈতে মিহলাই দিছোঁ। ভাৰতৰ স্থলসেনা, নৌসেনা আৰু বায়ুসেনাই পাকিস্তানী সেনাক পৰাভূত কৰিছে। আমি দেশখনক কঠোৰ বার্তা দিছো যে সন্ত্রাসবাদী য’তেই নাথাকক কিয়, শান্তিৰে জীয়াই থাকিব নোৱাবে। ইপিনে, ভাৰতৰ সামৰিক শক্তিৰ প্ৰসংগৰে প্রধানমন্ত্রী মোদীয়ে কয় যেতিয়া আমাৰ ড্রোনে শত্ৰুৰ দুৰ্গৰ বেহু ধ্বংস কৰে, যেতিয়া আমাৰ মিছাইলে সঠিক লক্ষ্যত বিকট শব্দৰে আঘাত কৰে, তেতিয়া শত্রুৱে শুনিবলৈ পায় ‘ভাৰত মাতা কী জয়’। যেতিয়া আমি দিনৰ সমাপ্তিত নিশা পোহৰেৰে উজলাই তোলো যেতিয়া শত্রুৱে দেখে ‘ভাৰত মাতা কী জয়’। পাৰমাণবিক ব্লেকমেইলিঙক ওফৰাই যেতিয়া আমাৰ সেনাই আকাশৰ পৰা মিছাইলেৰে শত্রুপক্ষৰ সামৰিক ঘাটিত আক্রমণ কৰে তেতিয়াও ভাৰত ‘মাতা কী জয়’ ধ্বনি শুনে শত্রু পক্ষই। আপোনালোকে ভাৰতবাসীক গৌৰৱান্বিত কৰিছে। প্ৰতিগৰাকী মাতৃক গৌৰৱান্বিত কৰিছে। আপোনালোকে ইতিহাস গঢ়িছে। সেইকাৰণে মই আজি পুৱাই আপোনালোকক সাক্ষাৎ কৰিবলৈ আহিছোঁ। অপাৰেচন সিন্দূৰত পাকিস্তান আৰু পাকিস্তানী সন্ত্রাসবাদীয়ে এই কথাও বুজি উঠিছে যে ভাৰতৰ ওপৰত কু-দৃষ্টি দিলে বিনাশ নহয়, মহাবিনাশ হ’ব বুলি কয় প্রধানমন্ত্রী মোদীয়ে। তদুপৰি ভাৰতে পাকিস্তানৰ ভূমিত থকা সন্ত্রাসবাদক শিপাই-পোখাই উভালিব বুলি হুংকাৰ দি প্রধানমন্ত্রী মোদীয়ে কয় যে সন্ত্রাসবাদক জুইৰে প্রত্যুত্তৰ দিয়া হ’ব। যেতিয়ালৈকে সন্ত্রাসবাদ নির্মূল কৰা নহয় তেতিয়ালৈকে পাকিস্তানৰ সৈতে কোনো আলোচনা কৰা নহ’ব।
