অপাৰেচন সিন্দূৰ
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
ভাৰতবৰ্ষ ২০০বছৰ বৃটিছ ৰাজতন্ত্ৰৰ অধীনত আছিল ।১৯৪৭চনত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বাধীনতা লাভ কৰে যদিও ভাৰতবৰ্ষ দ্বিখণ্ডিত হয় পাকিস্তান নামেৰে মুছলিম আন এখন দেশৰ জন্ম হয়। বৃটিছ সকলে ভাৰতবৰ্ষ এৰিলে কিন্তু তেওঁলোকৰ অভিপ্ৰায় পূৰ্ণ হ’ল “ডিভাইদ এণ্ড ৰুল পলিচি “সফল হয়। যাৰ ফলত ভাৰত আৰু পাকিস্তান দুয়োখন চুবুৰীয়া দেশ বন্ধুত্বৰ সলনি চিৰ বৈৰী হিচাপে ইতিহাসত নিজৰ নাম অংকিত কৰিলে বৰ্তমানেও একে অৱস্থাত আছে ।
ভাৰতবৰ্ষ আৰু পাকিস্তানে স্বাধীনতা লাভ কৰাৰ পিছত১৯৪৮ চনত দুয়োখন দেশৰ মাজত প্ৰথম যুদ্ধ হয় ।পাকিস্তানৰ সৈনিক আৰু কাশ্মীৰৰ কিছু নাগৰিক পাকিস্তানৰ সমৰ্থকৰ সহায়ত কাশ্মীৰত প্ৰবেশ কৰি অধিকাৰ সাব্যস্ত কৰিবলৈ চেষ্টা কৰে।
১৯৬৫চনতো ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিতীয় খন যুদ্ধ হৈছিল নাম অপাৰেচন জিব্ৰাল্টৰ। পাকিস্তানৰ একমাত্ৰ লক্ষ্য কাশ্মীৰ দখল কৰা। শেষত ১৯৬৬চনত দুয়োখন দেশৰ মাজত বুজাবুজিৰ অন্ততঃ যুদ্ধ সমাপ্ত হয় ।এই যুদ্ধ ১৭দিন চলিছিল বহুতো লোকে প্ৰাণ হেৰুৱাইছিল।
১৯৭১চনত ভাৰত আৰু পাকিস্তানৰ মাজত তৃতীয়খন যুদ্ধ আৰম্ভ হয় ।সেই সময়ত ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধান মন্ত্ৰী আছিল ।
১৯৯৯চনত ভাৰত আৰু পাকিস্তানৰ মাজত চতুৰ্থখন যুদ্ধ হয় ।কাৰগিল যুদ্ধ নামেৰে পৰিচিত কাৰগিল নামৰ এখন ঠাইত হৈছিল । প্ৰতিবাৰতে পাকিস্তানৰ সৈনিক বা সন্ত্ৰাসবাদীয়ে আমাৰ ভাৰতত প্ৰবেশ কৰি সেই অঞ্চল নিজৰ অধীনত আনিবলৈ চেষ্টা কৰে ।
২০১৯চনত পুলবামত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ কৰে ভাৰতীয় সৈনিক প্ৰায় ৪০ জনৰ মৃত্যু হয়।ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ দিয়ে।
ইয়াৰ পিছত কেতিয়াবা সৰু সুৰা ঘটনা হৈছে যদিও কোনো চিন্তাৰ বিষয় নাছিল ।কাশ্মীৰত বিদেশৰ বা ভাৰতৰ বিভিন্ন ঠাইৰ পৰ্য্যটক সকলে একো বাধা নথকাকৈ পৰিভ্ৰমণ কৰি আহিছে ।কিন্তু ২০২৫চনৰ এপ্ৰিল মাহৰ ২২তাৰিখে কশ্মীৰৰ পেহেলগামত পৰ্য্যটক সকলক সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষন কৰি ২৬গৰাকীলোকক নিহত কৰে । লস্কৰ ই তৱৈবাৰ নামৰ সংগঠনৰ সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ ফলত সাধাৰণ ভ্ৰমণ কৰিবলৈ অহা লোকসকলে প্ৰাণ হেৰুৱায়।তাত নৱদম্পতীৰ, সন্তান সহতে কেইবাটাও পৰিয়ালৰ লোক আছিল ।মহিলা আৰু শিশু সন্তানক সকলক এৰি দি পুৰুষ সকলক লক্ষ্য কৰি এফালৰ পৰা গুলীয়াই হত্যা কৰিছিল। যাৰ ফলত ২৬ জন পুৰুষ নিহত হ’ল মহিলা সকলৰ অকালতে সেন্দূৰ মচা গ’ল ।গোটেই ভাৰতবৰ্ষ এই নৰসংহাৰত জ্বলি উঠিছিল। নিৰীহ লোকক তেজেৰে এনেকৈ ফাঁকু খেলা সকলোৱে ইয়াৰ উচিত প্ৰত্যুত্তৰ বিচাৰি জনসাধাৰণ জাগ্ৰত হ’ল ।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াইৰাজনৈতিক দল,বিৰোধী দলপতি সকলোৰে লগত আলোচনাত মিলিত হ’ল ।নৌ সেনা,স্থল সেনা,বায়ুসেনাৰ প্ৰধান বিষয়া সকলৰ লগত আলোচনাত বহিল।সেই মৰ্মে ২০২৫ চনৰ মে মাহৰ ৬তাৰিখ মঙ্গলবাৰে নিশা ১বাজি ৫,মিনিটৰ পৰা ১বাজি ৩০মিনিটলৈ পাকিস্তান আৰু প্ৰাক অধিকৃত কাশ্মীৰৰ ভূমিত সন্ত্ৰাসবাদীৰ ঘাটিবোৰত দ্ৰোণৰ সহায়ত মিছাইলেৰে আক্ৰমণ কৰি বিধ্বস্ত কৰে ।বহুত কেইজন সন্ত্ৰাসবাদী আহত আৰু নিহত হয় ।সৈনিক সকলে ইয়াৰ নাম দিয়ে অপাৰেচন সিন্দূৰ এই অভিযান মাত্ৰ ২৫ মিনিট চলিছিল।ভাৰতীয় সৈনিক সকলে সফলতাৰে নিজৰ অভিযান সামৰিলে।
ভাৰতীয় সেনাৰ অফিচিয়েলৰ ফালৰ পৰা কোৱা হৈছে যে ভাৰতে মাত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ৯ টা ঘাটি আক্ৰমণৰ লক্ষ্য কৰি লৈছিল, ভাৰতীয় সেনাই কোনো পাকিস্তানী সামৰিক বাহিনীৰ ঘাটিত আক্ৰমণ কৰা নাছিল। তাৰ প্ৰত্যুত্তৰত পাকিস্তানী সেনা বাহিনীয়ে উত্তৰ আৰু পশ্চিম ভাৰতৰ আৱন্তিপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধাৰ, লুধিয়ানা, আদমপুৰ, ভাটিন্দা, চণ্ডীগড়, নল, ফালোডী, উত্তৰলাই, আৰু ভূজকে ধৰি কেইবাটাও ভাৰতীয় সামৰিক বাহিনীৰ ঘাটিত ড্ৰ’ন আৰু মিছাইলৰ সহায়ত আক্ৰমণ কৰিছে যিবোৰ ভাৰতীয় সেনাই UAS Grid আৰু Air Defence systems ৰ সহায়ত নিষ্ক্ৰিয় কৰি পাকিস্তানৰ আক্ৰমণক বিফল কৰিছে। পাকিস্তানে কৰা এই আক্ৰমণৰ বহু কেইটা সামগ্ৰী সেই স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে যিয়ে পাকিস্তানীৰ সৈনিকে ভাৰতীয় সামৰিক ঘাটিত আক্ৰমণ কৰিছে তাৰ উপযুক্ত প্ৰমাণ পোৱা গৈছে ।
সেই প্ৰত্যুত্তৰত আজি ৰাতিপুৱা ভাৰতীয় সেনাই পাকিস্তানৰ বিভিন্ন ঠাইত পাকিস্তানী সৈনিক Air Defence Radars and systems ক আক্ৰমণৰ টাৰ্গেট কৰে আৰু আক্ৰমণ কৰে। ইতিমধ্যে পাকিস্তানৰ লাহোৰত পাকিস্তানী সেনাৰ Air Defence Radars and systems ভাৰতীয় সৈনিকে ধ্বংস কৰা বুলি তথ্য পোৱা গৈছে।
ভাৰতীয় সেনায়ে এই কথা স্পষ্ট কৰিছে যে পাকিস্তানী সৈনিকে যদি এই দৰে আক্ৰমণ কৰি থাকে ভাৰতৰ সৈনিক সকল বহি নাথাকে ইয়াৰ সমানে উপযুক্ত প্ৰত্যুত্তৰ দি যাব ।অপাৰেচন সিন্দূৰ ভাৰতীয় সেনাৰ উচিত প্ৰত্যুত্তৰ। ভাৰত মাতাৰ কাৰণে সেৱা আগবঢ়োৱা দিনেশ শৰ্মা,কমল কম্বোজ,অমিত চৌধুৰী ,সূৰয যাদৱ আদি কৰি কেইবাগৰাকী বীৰ শ্বহীদ হৈছে । মহিলা সকলো পিছ পৰি থকা নাই কৰ্ণেল ছফিয়া কুৰেছী আৰু উইং কামাণ্ডাৰ ব্যোমিকা সিং এই দুয়ো গৰাকী মহিলাই অপাৰেচন সিন্দূৰ প্ৰতিটো তথ্য সকলো ভালতীয়ৰ আগত দাঙি ধৰিছে।
