১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব আইপিএল

১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব আইপিএল

ৰঙিলী বাৰ্ত্তাসেৱা-  দুই চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধৰ বাবে এসপ্তাহৰ বাবে স্থগিত ৰখা আইপিএল পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বিচিচিআয়ে। ১৭ মে’ৰ পৰা পুনৰ  প্রতিযোগিতাখন আৰম্ভ হ’ব বুলি বিচিচিআইৰ সচিব দেৱজিত শইকীয়াই সদৰী কৰে। ১৭ মে’ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত মেচখন অনুষ্ঠিত হ’ব। প্রতিযোগিতাখনৰ বাকী থকা ১৭খন মেচ ৬টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ব’ৰ্ডে। মেচসমূহ বেংগালুৰু, জয়পুৰ, দিল্লী, লক্ষ্ণৌ, আহমেদাবাদ আৰু মুম্বাইত অনুষ্ঠিত হ’ব। প্রতিযোগিতাখনৰ ফাইনেল মেচখন ৩ জুনত অনুষ্ঠিত হ’ব। নতুনকৈ প্ৰকাশ কৰা সূচী অনুসৰি প্ৰতি দেওবাৰে দুখনকৈ মেচ অনুষ্ঠিত হ’ব। প্রথমখন কোৱালিফায়াৰ ২৯ মে’ত অনুষ্ঠিত হোৱাৰ বিপৰীতে ৩০ মে’ত এলিমিনেটৰ আৰু ১ জুনত দ্বিতীয়খন কোৱালিফায়াৰ মেচ অনুষ্ঠিত হ’ব। মন কৰিবলগীয়া যে প্লেঅফৰ মেচৰ স্থানসমূহ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব বুলি বিচিচিআয়ে সদৰী কৰিছে। উল্লেখ্য যে গুজৰাট টাইটানছে ১৬ পইন্ট অৰ্জন কৰি পইন্ট তালিকাৰ শীৰ্ষস্থান অধিকাৰ কৰি থকাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ১৬ পইন্ট অৰ্জন কৰি দ্বিতীয় স্থানত, ১৫ পইন্ট অৰ্জন কৰি পঞ্জাব কিংছে তৃতীয় স্থানত, ১৪ পইন্ট অৰ্জন কৰি মুম্বাই ইণ্ডিয়ানছে চতুর্থ স্থানত, ১৩ পইন্ট অর্জন কৰি দিল্লী কেপিটেলছে পঞ্চম স্থানত, ১১ পইন্ট অর্জন কৰি কলকাতা নাইট ৰাইডাছে ষষ্ঠ স্থানত আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ১০ পইন্ট সংগ্ৰহ কৰি সপ্তম স্থান অধিকাৰ কৰি আছে।