টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণ বিৰাট কোহলীৰ 

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণ বিৰাট কোহলীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- ১৪ বছৰীয়া বৰ্ণিল কেৰিয়াৰৰ সামৰণি পেলালে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে। বিগত ৭ মে’ত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত কোহলিয়েও টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। বিৰাট কোহলিয়ে ইনষ্টাগ্ৰামযোগে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ইনষ্টাগ্ৰামত টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ কথা অৱগত কৰি বিৰাট কোহলিয়ে লিখিছে যে টেষ্ট ক্রিকেটত প্ৰথমবাৰৰ বাবে নীলা টুপী পিন্ধাৰ ১৪ বছৰ হ’ল। সঁচা ক’বলৈ হ’লে এই ফর্মেটটোৱে মোক কোন দিশে লৈ যাব সেয়া মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। ই মোক পৰীক্ষা কৰিছিল, গঢ় দিছিল আৰু গোটেই জীৱন লগত লৈ ফুৰিব পৰা পাঠ শিকাইছিল। বগা জাছী পিন্ধি খেলাটো নিতান্তই ব্যক্তিগত অভিজ্ঞতা। কোনোৱে দেখা নোপোৱা কঠোৰ পৰিশ্ৰম, দীঘলীয়া দিন, সৰু সৰু মুহূৰ্তবোৰ সদায় নিজৰ লগত থাকি যায়। এই ফর্মেটৰ পৰা আঁতৰি অহাৰ সিদ্ধান্তটো সহজ নহয়, কিন্তু সঠিক বুলি অনুভৱ হয়। মই ইয়াক মোৰ সকলোখিনি দিছোঁ আৰু ই মোক আশা কৰাতকৈও অধিক দিছে। মই যিসকলৰ লগত খেলিছিলোঁ আৰু মোক বাট দেখুওৱা সকলোৰে প্ৰতি গভীৰ কৃতজ্ঞ। মই সদায় হাঁহি হাঁহি টেষ্ট কেৰিয়াৰলৈ উভতি যাব বিচাৰোঁ। উল্লেখ্য যে যোৱা ৭ মে’ত আকস্মিকভাবে ৰোহিত শর্মাই টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰাৰ পিছত কোহলিয়েও ১০ মে’ত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা বিচিচিআইক জনাইছিল। ইয়াৰ পিছৰে পৰা কোহলিৰ অৱসৰক লৈ আৰম্ভ হৈছিল জল্পনা-কল্পনা। অৱশ্যে ৰোহিত শৰ্মাৰ দৰে কোহলিয়েও এদিনীয়া ক্রিকেটত ভাৰতীয় দলক প্রতিনিধিত্ব কৰাৰ ইচ্ছা ব্যক্ত কৰিছে। ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰাৰ দিনাই দুয়োজন তাৰকা ক্রিকেটাৰে ক্ৰিকেটৰ হ্রস্ব সংস্কৰণটোৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ২০১১ চনত টেষ্টত অভিষেক ঘটোৱা বিৰাট কোহলিয়ে ১২৩খন টেষ্ট মেচত ভাৰতক প্রতিনিধিত্ব কৰি গড়ে ৪৬.৮৫ ৰানেৰে সংগ্ৰহ কৰিছে মুঠ ৯,২৩০ ৰান। এই ফর্মেটত কোহলিৰ নামত আছে ৩০টা শতক আৰু ৩১টা অর্ধশতক। ইয়াৰ বাহিৰেও ২০১৪ চনৰ পৰা ২০২২ চনলৈ ভাৰতীয় টেস্ট দলৰ অধিনায়ক আছিল কোহলি। সফলতাৰ হাৰৰ দিশৰ পৰা চাবলৈ গ’লে কোহলি ভাৰতৰ শ্ৰেষ্ঠ অধিনায়ক। অধিনায়ক হিচাপে কোহলিৰ দলটোৱে ৬৮খন মেচৰ ৪০খন খেলত জয়লাভ কৰিছিল। আনহাতে, ১১খন অমীমাংসিতভাবে সামৰণি পৰে।