যুদ্ধবিৰতি উলংঘন নকৰে পাকিস্তানে

যুদ্ধবিৰতি উলংঘন নকৰে পাকিস্তানে

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত আৰু পাকিস্তানৰ মাজত চাৰিদিনীয়া অঘোষিত যুদ্ধবিৰতিৰ পিছত সোমবাৰে প্ৰথমবাৰৰ বাবে দুয়োখন দেশৰ সামৰিক পৰ্যায়ত আলোচনা অনুষ্ঠিত হয়। ২২ এপ্রিলত পেহেলগামত পাক সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ প্ৰত্যাঘাত হিচাপে ভাৰতে ৭ মে’ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদী শিবিৰত মিছাইলেৰে আক্ৰমণ চলোৱাৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পায়। পাকিস্তানে জম্মু-কাশ্মীৰৰ এলঅ’চিত নির্বিচাৰ গোলাবৰ্ষণ কৰাৰ সমান্তৰালকৈ আকাশমাৰ্গেৰে কেইবাশ ড্রোন নিক্ষেপ কৰে ভাৰতীয় চহৰক লক্ষ্য কৰি। ভাৰতীয় সেনাই পাকিস্তানৰ সকলো আক্রমণ প্রতিহত কৰি দেশখনৰ ভূমিত ভয়াৱহ আক্রমণ চলাই সামৰিক ঘাটি, বায়ু প্ৰতিৰক্ষা ব্যৱস্থা তচনচ কৰি পেলোৱাৰ পিছতেই পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ সৈতে টেলিফোনিক বাৰ্তালাপ আৰম্ভ কৰে। ১০ মে’ত পাকিস্তানৰ ডিজিএমঅ’ৰ মেজৰ জেনেৰেল কাছিফ আব্দুল্লাই ভাৰতৰ ডিজিএমঅ’ৰ লেফটেনেন্ট জেনেৰেল ৰাজীৱ ঘাইৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰি সকলো ধৰণৰ আক্ৰমণ আৰু সামৰিক অভিযান বন্ধৰ আহ্বান জনায়। এই আলোচনাৰ প্ৰসংগৰে ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতি সম্পন্ন হয়। উক্তদিনাই দুয়োখন দেশৰ সামৰিক পৰ্যায়ত আলোচনা ১২ মে’ত হ’ব বুলি নিৰ্ধাৰণ কৰা হয়। সেইমৰ্মে সোমবাৰে দিনৰ ১২ বজাত পাকিস্তানৰ ডিজিএমঅ’ মেজৰ জেনেৰেল আব্দুল্লা আৰু ভাৰতৰ ডিজিএমঅ’ লেফটেনেন্ট জেনেৰেল ঘাইৰ বাৰ্তালাপ কৰাৰ কথা আছিল যদিও বিশেষ কাৰণত এই সময় পিছুৱাই দিয়া হয়। পিছলৈ সন্ধিয়া ভাৰত আৰু পাকিস্তানৰ ডিজিএমঅ’ই যুদ্ধবিৰতি সন্দৰ্ভত বিতং আলোচনা কৰে। এই আলোচনাত ভাৰতৰ আক্ৰমণত পাকিস্তানৰ ক্ষয়ক্ষতিৰ কথাও স্বীকাৰ কৰে দেশখনৰ ডিজিএমঅ’ মেজৰ জেনেৰেল আব্দুল্লাই। পাকিস্তানে সন্ত্রাসবাদক সহযোগ কৰি থাকিলে দেশখনৰ ওপৰত ভাৰতীয় সেনাই যিকোনো সময়তে আঘাত কৰিব পাৰে বুলি স্পষ্ট কৰি দিয়ে ডিজিএমঅ’ লেফটেনেন্ট জেনেৰেল ঘায়ে। এই বাৰ্তালাপৰ সময়ত পাকিস্তানৰ ডিজিএমঅ’ই যুদ্ধবিৰতি উলংঘন নকৰে বুলি প্রতিশ্রুতি দিয়ে। মন কৰিবলগীয়া যে ১০ মে’ৰ বিয়লি ৫ বজাৰ পৰা  যুদ্ধবিৰতি কাৰ্যকৰী হ’ব বুলি ঘোষণা কৰাৰ পিছতে ৩ ঘণ্টাৰ মূৰকত পাকিস্তানে পুনৰ যুদ্ধবিৰতি উলংঘন কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে পাকিস্তানত ভয়াৱহ আক্ৰমণৰ সকীয়নি দিয়ে। অৱশ্যে পিছলৈ যুদ্ধবিৰতি পাকিস্তানে মানি আহিছে। উক্তদিনাৰে পৰা জম্মু-কাশ্মীৰৰ পৰা পঞ্জাবলৈকে সীমান্তৱতী ৰাজ্যসমূহত উত্তেজনা হ্রাস পাইছে। আজি দুয়োখন দেশৰ ডিজিএমঅ’ই আলোচনাৰ সময়ত পাকিস্তানে পুনৰবাৰ যুদ্ধবিৰতি উলংঘন নকৰে বুলি প্রতিশ্রুতি দিয়ে।