অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পেহেলগাম নৰসংহাৰৰ প্রত্যাঘাত ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি সম্পন্ন হোৱাৰ পাছত সোমবাৰে সন্ধিয়া ৮ বজাত প্রধানমন্ত্রী মোদীয়ে দেশবাসীক সম্বোধন কৰি কয় যে কোনো পাৰমাণৱিক ব্লেকমেইলিং ভাৰতে সহ্য নকৰে। সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি সঠিক পৰিকল্পনাৰে নিখুঁত পৰিকল্পনাৰে বিনাশ কৰিব। অপাৰেচন সিন্দূৰৰ সফলতাৰ বাবে প্রথমে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰাক্ৰমী সেনা, সশস্ত্র বল, চোৰাংচোৱা সংস্থা, বৈজ্ঞানিক আৰু সমগ্ৰ ভাৰতবাসীৰ হৈ সশস্ত্র বাহিনীক ছেল্যুট জনায়। দেশৰ বীৰ সৈনিকে অপাৰেচন সিন্দূৰৰ লক্ষ্যপ্ৰাপ্তিৰ কাৰণে অসীম ধৈৰ্যৰ প্ৰদৰ্শন কৰাটো সমগ্র দেশবাসীয়ে দেখিবলৈ পাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পেহেলগাম নৰসংহাৰৰ পাছত সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ অসীম ধৈর্য প্রদর্শন কৰি যি সফলতা লাভ কৰিলে সেই ভাৰতীয় সেনাৰ বীৰত্ব, সাহস, পৰাক্ৰম আৰু সফলতা দেশৰ প্ৰতিগৰাকী মাতৃ, ভগ্নী আৰু প্ৰতিগৰাকী কন্যাক সমর্পণ কৰে। ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলমগামত সন্ত্রাসবাদীৰ বৰ্বৰতাই দেশৰ লগতে বিশ্ববাসীক শংকিত কৰি তোলাই নহয়, নিৰীহ লোকক ধৰ্মৰ পৰিচয় সুধি পৰিয়ালৰ সন্মুখতে সন্ত্রাসবাদীয়ে নির্লজ্জভাৱে যিদৰে হত্যা কৰিলে সেই ক্রুৰতাৰ বাবে তেৱোঁ নিজে অতি বেদনাহত হোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে দেশৰ সকলো ৰাজনৈতিক দল, জাতি-ধর্ম-বর্ণ সম্প্রদায়ে সন্ত্রাসবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ একগোট হৈ থিয় দিছে। সন্ত্রাসবাদীক মাটিৰ লগত মিলাই দিবলৈ সশস্ত্র সেনাক পূৰ্ণ ক্ষমতা প্রদান কৰিছে। আজি সন্ত্রাসবাদী আৰু সন্ত্রাসবাদক সমর্থন কৰা সংগঠনসমূহে বুজি উঠিছে যে আমাৰ ভগ্নী-কন্যাৰ শিৰৰ সেন্দূৰ কাঢ়ি লোৱাজনৰ কি গতি হ’ব পাৰে। তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- অপাৰেচন সিন্দুৰ কেৱল নাম নহয়, ই হৈছে দেশৰ কোটি কোটি জনতাৰ ভাৱনাৰ প্ৰতীক। অপাৰেচন সিন্দূৰ ন্যায়ৰ অখণ্ড প্রতীক। ৬ মে’ৰ নিশা, ৭ মে’ৰ পুৱা সমগ্ৰ পৃথিৱীয়ে এই প্রতিজ্ঞাৰ পৰিণাম প্রত্যক্ষ কৰিছে। ভাৰতীয় সেনাই পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিত আক্ৰমণ কৰি সন্ত্রাসবাদীৰ প্ৰশিক্ষণ শিবিৰত নিখুঁত আঘাত কৰিলে। সন্ত্রাসবাদীয়ে সপোনতো ভবা নাছিল ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব। কিন্তু দেশ যেতিয়া একত্ৰিত হৈ পৰে তেতিয়া দেশ প্রথম ভাবনাই ভৰি উঠে। ৰাষ্ট্ৰ সৰ্বপ্ৰথম হৈ সাহসী সিদ্ধান্ত লোৱা হয় আৰু ইয়াৰ পৰিণাম দেখিবলৈ পোৱা যায়। যেতিয়া ভাৰতে সন্ত্রাসবাদীৰ ওপৰত মিছাইলেৰে আক্ৰমণ কৰে, ড্রোনেৰে আক্ৰমণ কৰে তেতিয়া সন্ত্রাসবাদীৰ অট্টালিকাই বিধ্বস্ত হোৱা নাই, সন্ত্রাসবাদীৰ মনোবলো ভাগি পেলায়। বাহাৱলপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্রাসবাদীৰ ঘাটি যাক আন্তর্জাতিক সন্ত্রাসবাদৰ বিশ্ববিদ্যালয় ৰূপে জনা যায়। পৃথিৱীৰ কোনো ঠাইত সন্ত্রাসবাদী আক্রমণ হ’লে, লাগিলে সি ৯/১১ হওক, লণ্ডনত বোমা বিস্ফোৰণেই হওক, কিম্বা ভাৰতত দশক দশক ধৰি চলি থকা সন্ত্রাসবাদী আক্রমণেই হওক, এই আক্রমণত পাকিস্তানৰ উক্ত সন্ত্রাসবাদী ঘাটিৰ নাম জড়িত হৈ পৰে। সন্ত্রাসবাদীয়ে আমাৰ ভগ্নীৰ সেন্দূৰ মচি পেলাইছে। তেনে কাৰণতে ভাৰতে সন্ত্রাসবাদীৰ সেই মুখ্য কাৰ্যালয় উৰুৱাই দিছে। ভাৰতৰ সেই আক্ৰমণত ১০০তকৈও অধিক দুর্ধর্ষ সন্ত্রাসবাদীক হত্যা কৰা হৈছে। সন্ত্রাসবাদৰ সৈতে জড়িত কেইবাজনো দুর্ধর্ষ সন্ত্রাসবাদী যিয়ে পাকিস্তানত মুকলিমূৰীয়াকৈ ঘূৰি আছিল ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছিল সেই সন্ত্রাসবাদীকো মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে। লক্ষণীয় যে ভাৰতৰ এই আক্ৰমণত পাকিস্তান নিৰাশ হৈ পৰে। নিৰাশাত বন্দী হৈ ক্ষুব্ধ হৈ উঠে আৰু ভাৰতক আক্ৰমণ কৰিবলৈ দুঃসাহস কৰে। সন্ত্রাসবাদীৰ ওপৰত ভাৰতক পদক্ষেপ ল’বলৈ সহায় কৰাৰ বিপৰীতে পাকিস্তানে সন্ত্রাসবাদীৰ হৈ ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। পাকিস্তানে ভাৰতৰ স্কুল-কলেজ, গুৰুদ্বাৰা, মন্দিৰ, সাধাৰণ নাগৰিকৰ বাসগৃহত আক্রমণ কৰে। তেনেদৰে পাকিস্তানী সেনাই আমাৰ সেনাৰ ঘাটিতো আক্ৰমণৰ লক্ষ্য কৰি লয় যদিও এই সকলো আক্রমণ ভাৰতীয় সেনাই ব্যর্থ কৰে বুলি কয় প্রধানমন্ত্রী মোদীয়ে। বিশ্বই প্রত্যক্ষ কৰিছে পাকিস্তানৰ ড্রোন-মিছাইল কিদৰে ভাৰতৰ অত্যাধুনিক ব্যৱস্থাত প্রতিহত হৈছে। ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই মাজ আকাশতে পাকিস্তানৰ সকলো মিছাইল-ড্রোন দেশখনৰ আকাশতে ধ্বংস কৰি পেলাইছে। ইয়াৰ সমান্তৰালকৈ পাকিস্তানী সেনাই সীমান্তত কৰা গুলীচালনাকো ভাৰতীয় সেনাই প্রতিহত কৰে। ভাৰতে সঠিক আৰু নিখুঁতভাৱে মিছাইলেৰে আক্ৰমণ চলাই পাকিস্তানৰ বায়ুসেনাৰ ঘাটিৰ ক্ষতি কৰিছে। যাক লৈ পাকিস্তানৰ গর্ব আছিল। প্রথম তিনি দিনতে পাকিস্তানক বিধ্বস্ত কৰি পেলালে। যিটো দেশখনে ভবাই নাছিল। ভাৰতৰ এই আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ পাকিস্তানে পথ বিচাৰি আছিল। পাকিস্তানে এই উত্তেজনা হ্রাস কৰাৰ বাবে বিশ্বজুৰি চেষ্টা চলায়। ভাৰতীয় সেনাৰ হাতত শোচনীয়ভাৱে বিপর্যস্ত হোৱা পাকিস্তানৰ ডিজিএমঅ’ই ১০ মে’ৰ দুপৰীয়া ভাৰতৰ ডিজিএমঅ’ৰ সৈতে বাৰ্তালাপ কৰে। তেতিয়ালৈকে ভাৰতে সন্ত্রাসবাদীৰ আন্তঃগাঁথনি বিধ্বস্ত কৰি পেলাইছিল। পাকিস্তানৰ বুকুত থকা সন্ত্রাসবাদক ভাৰতে সম্পূৰ্ণৰূপে ধূলিৰ সৈতে মিলাই দিছিল। পাকিস্তানে যেতিয়া ভাৰতৰ সৈতে আলোচনাৰ বাবে আগবাঢ়ি আহিছিল তেতিয়াই ভাৰতে পাকিস্তানক স্পষ্টকৈ কৈছিল যে দেশখনৰ পৰা কোনোধৰণৰ সন্ত্রাসবাদীৰ কার্যকলাপ আৰু সেনাই অভিযান চলাবলৈ দুঃসাহস নকৰিব। পাকিস্তানে ভাৰতৰ এই চৰ্তক মানি লোৱাৰ পাছত সাময়িক যুদ্ধবিৰতি হিচাপে সন্ত্রাসবাদীৰ ঘাটি আৰু সামৰিক আন্তঃগাঁথনি অভিযান বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়। পৰৱৰ্তী দিনত পাকিস্তানে যদি পুনৰ আক্ৰমণ কৰে তেতিয়াহ’লে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি কয় প্রধানমন্ত্রী মোদীয়ে। ইপিনে, দেশৰ তিনি সেনা বায়ুসেনা, স্থলসেনা আৰু নৌবাহিনী, বিএছএফ, অর্ধসামৰিক বাহিনী অহৰহ সজাগ হৈ আছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ছার্জিকেল স্ট্রাইক আৰু এয়াৰ স্ট্রাইকৰ পাছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতি। সন্ত্রাসবাদৰ বিৰুদ্ধে অভিযানত অপাৰেচন সিন্দুৰে নতুন আর্হি দেখুৱালে। এই নতুন আর্হিয়ে সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজৰ নতুন গতি দিব। এই লৈ প্রধানমন্ত্রী মোদীয়ে কয়-ভাৰতত সন্ত্রাসবাদী আক্রমণ হ’লে যথোচিত প্ৰত্যুত্তৰ দিয়া হ’ব। আমি নিজৰ পদ্ধতিৰে নিজৰ চৰ্তৰ আধাৰত প্ৰত্যুত্তৰ দিম। আমি সেই ঠাইলৈ গৈ প্ৰত্যুত্তৰ দিম, য’ৰ পৰা সন্ত্রাসবাদৰ শিপা গজিছে। দ্বিতীয়তে কোনোৱে যদি পাৰমাণৱিক ব্লেকমেইল কৰে ভাৰতে সেয়া সহ্য নকৰে। পাৰমাণৱিক ব্লেকমেইলিং কৰিলেই সন্ত্রাসবাদীৰ ঘাটিৰ ওপৰত ভাৰতে সঠিক আৰু নিৰ্ণায়ক আঘাতৰ পৰা আঁতৰি নাহে। তৃতীয়তে ভাৰতে সন্ত্রাসবাদৰ লগত সম্পর্কিত চৰকাৰ আৰু সন্ত্রাসবাদক পৃথক পৃথক হিচাপে নলয়। অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানে যিধৰণৰ ঘৃণনীয় পথ ল’লে সেয়া বিশ্বই দেখিছে। আক্রমণত নিহত সন্ত্রাসবাদীৰ বিদায় পর্বত পাকিস্তানী সেনাই সন্মান জনাইছে। সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ হিচাপে অনেক তথ্য আছে। আমি ভাৰত আৰু আমাৰ নাগৰিকৰ যিকোনো বিপদৰ পৰা ৰক্ষা কৰিবলৈ যিকোনো নির্ণায়ক পদক্ষেপ গ্রহণ কৰিম। সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তান এদিন নিজেই সন্ত্রাসবাদৰ বাবে ধূলিত মিহলি হৈ যাব বুলি কয় প্রধানমন্ত্রী মোদীয়ে। পাকিস্তানক সকীয়নি দি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয়- পাকিস্তানী সেনা, পাকিস্তান চৰকাৰে যিধৰণে সন্ত্রাসবাদক তেল-পানী দি আহিছে এদিন দেশখনেই শেষ হৈ যাব। পাকিস্তানে নিজক ৰক্ষা কৰিবলৈ হ’লে সন্ত্রাসবাদৰ আন্তঃগাঁথনি উৎখাত কৰিব লাগিব। ইয়াৰ বাহিৰে আন কোনো পথ নাই। ভাৰতৰ স্পষ্ট মত যে সন্ত্রাসবাদ আৰু আলোচনা একেলগে নহয়। সন্ত্রাসবাদ আৰু বাণিজ্য একেলগে নচলে, পানী আৰু তেজো একেলগে নবয়। পাকিস্তানৰ সৈতে আলোচনা কৰিব লাগিলে কেৱল সন্ত্রাসবাদ আৰু পাক অধিকৃত কাশ্মীৰ সন্দৰ্ভতহে হ’ব। শান্তিৰ মার্গো শক্তিৰ জৰিয়তে আহে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে মানৱতা, শান্তি আৰু সমৃদ্ধি একেলগে আগবাঢ়ে। প্ৰতিগৰাকী ভাৰতীয়ই শান্তিৰে জীৱন যাপন কৰিব বিচাৰে। বিকশিত ভাৰতৰ সপোন পূৰ হোৱাটো বিচাৰে। সৰ্বশেষত ভাৰতীয় সেনা আৰু সশস্ত্র সেনাক ছেল্যুট জনাই প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ভাষণ সামৰে।