ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক কৰ্ণেল ডাঃ মহম্মদ আছাদ উল্লাৰ দেহাৱসান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বৈৰাগী মঠ ৰ সমন্বয় পথ নিবাসী, বিশিষ্ট চিকিৎসক ডাঃ মহম্মদ আছাদউল্লাৰ বাৰ্ধক্যা জনিত কাৰণত যোৱা নিশা ৮৭ বছৰ বয়সত মৃত্যু হয়। ১৯৩৮ চনৰ ১ অক্টোবৰত ডিব্ৰুগড়ৰ পাঁচআলিত জন্ম গ্ৰহণ কৰা ডাঃ মহম্মদ আছাদ উল্লাই পাঁচআলিৰ দীঘলী বজাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি ১৯৫৩ চনত ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয়। ১৯৫৫ চনত তেখেতে ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ পৰা আই এচ চি পাছ কৰে। ১৯৬২ চনত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে এম বি বি এছ পাছ কৰি ভাৰতীয় সেনা বাহিনীত চিকিৎসক হিচাপে যোগদান কৰি অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত কৰ্ম সুত্ৰে চিকিৎসা সেৱা আগবঢ়াই ১৯৬২ চনত কৰ্ণেল হিচাপে অৱসৰ গ্ৰহণ কৰে। ১৯৯৯ চনত তেওঁ হজ্বব্ৰত সমাপন কৰে। ডাঃ আছাদ উল্লাই পৰৱৰ্তী সময়ত নালিয়াপুলত থকা স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰগতিবাদী মুছলিম নাগৰিক ফৰামত ২০১৯ চনলৈকে নিস্বাৰ্থ সেৱা আগবঢ়ায়। ছমাহ পূৰ্বে তেখেতৰ পৰিবাৰৰো মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ আৰু এগৰাকী কন্যাৰ লগতে দুগৰাকী নাতি নাতিনী ইহ সংসাৰত এৰি যায়। তেখেতৰ জানাজা আজি (১৩-৫-২৫) স্থানীয় আমোলাপট্টি কবৰস্তানত দিনৰ দেৰ বজাত সম্পন্ন কৰা হ’ব। ডাঃ মহম্মদ আছাদ উল্লা কেইবাটাও অনুষ্ঠানৰ লগত জড়িত আছিল। ডিব্ৰুগড়ৰ সামাজিক অনুষ্ঠান চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ এগৰাকী আজীৱন সদস্যৰ লগতে তেখেত এগৰাকী সু পৰামৰ্শদাতা আছিল। তেখেতৰ মৃত্যুত চেন্টাৰৰহৈ সভাপতি চেহিৰ আহমদ আৰু সম্পাদক এম হাছিম আলীয়ে শোক প্ৰকাশ কৰে। লগতে ডিব্ৰুগড় জিলা জমিয়ত উলেমাৰ সভাপতি-সম্পাদক,নালিয়াপুল মছজিদৰ সভাপতি-সম্পাদক আৰু ভালেকেইটা অনুষ্ঠানে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।