আহিবাচোন এদিন আমাৰ গাঁওলৈ
মেৰী বৰদলৈ,নগাঁও
হেৰা বন্ধু
আহিবাচোন এদিন
আমাৰ গাওঁলৈ
আমাৰ গাঁৱৰ
কলঙপাৰৰ
কলঙপৰীয়া ওখ
শিলটোতে বহি
লিখিম আমাৰ জীৱনৰ
ইতিকথা
আহিবাচোন এদিন
আমাৰ গাওঁলৈ
আমাৰ গাঁৱৰ
সোৱাদ ল’বলৈ
কলঙৰ পাৰে পাৰে
বাজিব তোমাৰ
দুভৰিৰ ৰুণজুন
কলিজাত নাচিব
এজাক বাৰেবৰণীয়া
ফুটুকী পখিলা
হেৰা বন্ধু
আহিবাচোন এদিন
আমাৰ গাওঁলৈ
আহিবা এদিন
আমাৰ গাওঁলৈ
দুয়ো বহিম কলঙপৰীয়া সেই
গাভৰু ঘাটতে
কলঙৰ বুকুত চমকিব
এচমকা উন্মনা বিজুলী
দুহাতত নাচিব
লিহিৰি ডৰিকণা জাক
গাঁঠিম প্ৰেমৰ অলেখ গাঁথা
হেৰা বন্ধু
আহিবাচোন এদিন
আমাৰ গাঁওলৈ..